জয় ৱিদ্যা জয় সংস্কৃতি জয় ভাৱত মাতা
খখ
খ্ৰীৰুক্তা দিপালী বৰন্বা ভ” কেশৱ হাজৰিকা ।
শ্ৰী ভনিতা গগৈ চুতীয়া
শ্ৰীমতী কুঞ্জালতা দত্ত শ্ৰী ললিত হাজৰিকা শ্ৰী উজ্জ্বল গগৈ,
শ্ৰীমতী পিংকী ফুকন
২০ (বিশ) টকা মাত্ৰ ৷
এল. এন. অফুচেট প্ৰিণ্ট৷৮, ঘিলামৰা, ফোনঃ ৯৪৩৫২৭৭৬৯৯
১ আহ তাত লক ===< ডা তা 1707.60 086
মই জানিবলৈ পাই সুখী হৈছে৷ যে অহা ইং ২০ আৰু ২১ ফেৱৱাৰী ২০১০ তাৰিখে লক্ষীমপুৰ বিভাগৰ খেল প্রতিযোগিতাখনি ঘিলামৰা শংকৰদেৱ শিশ নিকেতনৰ উদ্নোগত অনুষ্ঠিত হ’ব ৷ সেয়েহে মই খেল প্ৰতিবোগিতাখনিৰ সফলতা কামনা কৰিলো। বিভিন্ন বিদ্রালয় তথা সংকলৰ পৰা অহা প্ৰতিযোগী সকলৰ এই সমাৰোহে তেওঁলোকৰ মাজত সময়-সন্প্ৰীতিৰ ভাৱ সু-প্ৰতিষ্ঠিত কৰা, নতুন প্ৰজন্মৰ বাবে খেলা-ধুলাৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ লগতে এক সুহ খেলা৷-ধূলাব পৰিৱেশ গঠনত সহায়ক হ’ব বুলি মোব দৃঢ় বিশ্বাস ৷
প্রতিযোগিতাখনি সকলো দিশৰ পৰা সফল হোৱাৰ কামনাৰে
সকলোলৈকে মোৰ আভবিক শুভেচ্ছা জ্ঞাপন কৰিলো । খ্ৰী কিৰণ চন্দ্ৰ গগৈ প্রাক্তন সম্পাদক নিকেতন পৰিচালনা সমিতি ৷
সাহিত্যৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণেৰে দিছে। সংস্কৃত আলংকাৰিক সকলৰ মতে ‘সাহিত্য’শব্দটো ‘সহিত’ শব্দৰ পৰা নিষ্পন্ন হৈছে--‘সহিতস্য ভাৱ সাহিত্যম্’ অৰ্থাৎ সহভাব বা মিলন। পাশ্চাত্য সাহিত্যত, সাহিত্যক কোনোৱে জীৱন বীক্ষা (শে]- গ্ৰ] 01 ][ 116) কোনোৱে জীৱনৰ অভিব্যক্তি (]3%[)[698101] 0{ 1116) আদি সংজ্ঞাৰে অভিসিক্ত কৰিব বিচাৰিছে। অৱশ্যে এটা কথা ঠিক যে সাহিত্যক গাণিতিক নিয়মৰ দৰে সু-সংবদ্ধ কৰিব নোৱাৰি। সময় আৰু সমাজৰ পৰিবৰ্তনৰ লগে লগে সাহিত্যও পৰিৱৰ্তন হৈ আহিছে। সামগ্ৰিক অৰ্থত ক’বলৈ গ’লে সাহিত্যই মানৱ সমাজক গভীৰ জীৱন বোধ, নান্দনিক দৃষ্টিবোধ, মানৱতা বোধ,আৰু গভীৰ জ্ঞানৰ কথা সোঁৱৰাই দিয়ে। অৰ্থাৎ যি লেখাই সমাজক পোহৰৰ বাট দেখুৱাবলৈ সক্ষম হয় তাকে আমি সাহিত্য বুলিব পাৰো। সমাজ এখন সুস্থ ভাৱে পৰিচালিত হ’বৰ বাবে সাহিত্যই হৈছে উত্তম বাৰ্তা । =
এই ক্ষুদ্ৰ কলেবৰ্ৰ আলোচনীখনত সন্নিবিষ্ট হোৱা লেখা সমূহে সাহিত্যৰ ব্যাপক অৰ্থ-গৰকাত কিমান সফল হৈছে সেইটো আপোনালোকৰ বিচাৰ্য বিষয়। সফলতা দাবী কৰা ধৃষ্টতা আমাৰ নাই। অনিচ্ছাকৃত ভাৱে ৰৈ যোৱা ভুল ক্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে।
সদৌ শেষত এই শুভ কাৰ্যত যি সকল ব্যক্তিয়ে তেখেত সকলৰ বহুমূলীয়া দিহা-পৰামৰ্শেৰে আমাক উৎসাহিত কৰিলে তেখেত সকললৈ কৃতজ্ঞতা জনহিছো। বিশেষকৈ নিকেতনৰ পৰিচালনা সমিতি, তত্বাৱধায়ক ড' কেশৱ হাজৰিকা, প্ৰধানাচাৰ্য জ্ৰী গোবিন চুতীয়া,নিকেতনৰ আচাৰ্য'আচাৰ্ব' আৰু ছাত্ৰ-ছাত্ৰী সকললৈ ধন্যবাদ জনাইছো।
জয়তু শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা।
শ্ৰী ভনিতা গগৈ (চুতীয়া),
নম্পাদিকা ৷
বিদ্যা ভাৰতী $ এক চমু পৰিচয় %,২ জী বনমালী সুত চু ঁঁতিহাসিক পটভূমিত ঘিলামৰা ৷ ড" কেশৱ হাজৰিকা ১১ ঘিলামৰা শঙ্কৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক সম্পাদকৰ এক প্ৰতিবেদন £ শ্ৰীযুত বাবুলাল আগৰৱালা ১৬ মোৰ অনুভৱ / শ্ৰীমতী দীপালী বৰুৱা ২০ প্ৰাথমিক শিক্ষাৰ গুণগত দিশ ৷ শ্ৰীমতী কল্পনা কলিতা ২২ __ এটি শিশু উত্তৰণৰ অমোঘ মন্ত, ৷ নৈতিক শিক্ষাঃ ২ শ্ৰী অতুল বৰুৱা ২৭ ঘৰ /) শ্ৰী অৰূপ জে. গগৈ ২৯ অসম আৰু অসমৰ আধুনিকাসকল /* শ্ৰীমতী বিজুমণি কলিতা গগৈ ৩৬ শিশু শিক্ষাত মাতৃৰ ভূমিকা ৷ জ্ীমতী টুটুমনি শৰ্মা বেজবৰুৱা ৩৮ প্রকৃতিৰ সৃষ্টি তুমি ২ শ্ৰীমতী কুঞ্জলতা দত্ত ৩৯ গছ ৷ শ্ৰী বুদ্ধ কৌৱৰ ৪8০ মোৰ ভাল লগাবোৰ 0 জীমতী তড়িৎ ৰেখা শইকীয়া ৪১ পৃথিৱী ৷ শ্ৰী উৎপল শইকীয়া ৪২ ভোগালী বিহু ২ শ্ৰী ভৰদ্বাজ হাজৰিকা” ৪৩ অহংকাৰ 7 শ্ৰী মনজিৎ গগৈ ৪৪ তিনিৰমহত্ব 0 শ্ৰীমতী বৰ্নফী বৰুৱা 8৫ ইণ্ডিয়ানপ্ৰিমিয়াৰ লিগপ্ৰতিযোগিতা __% খ্ৰী নিৰুপম চাংমাই ৪৬ ১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ তালিকা ৪৭ ‘আচাৰ্য ভাৰতী’সমিতি/ ২০১০ শংকৰদেৱ শিশু নিকেতন,ঘিলামৰা। 8৮ ‘শিশু ভাৰতী’সমিতি/২০১০ শংকৰদেৱ শিশু নিকেভন, ঘিলামৰা । ৪৯ প্ৰধান আচাৰ্য/প্রাক্তন আচাৰ্য/ প্ৰীক্তন আচাৰ্যাব ভালিকা ৫০ বৰ্তমান সেৰা আগবঢ়াই থকা আচাৰ্য/আচাৰ্যাৰ আক চতুৰ্থ শ্রেণী কৰ্মচাবী সংখ্যা ১৬ জন ভ্ৰুমে -- ৫১
অন্ধবিশ্বাসৰ কৰলত পৰা ল’ৰাটো ৷ জী নেপুৰ ৰঞ্জন হাজৰিক
জাশীৰ'সপোন লিমা [গাং
তৰ্্ প্র -= ইজ == “এধৃল্হিবন্ৰাৰী ত ৰা সাহৰ _, হৰ 2১03 টলখ ৰ্পৰা ৪ | (আল| ব্বাভু গ্ৰাপ্ড৷ দ্দত্ৰ-ভ্াএসন্দন
৷ বিদ্যা ভাৰতী ঃ এক চমু পৰিচয়
" /থ খ্ৰী বনমালী সুত, প্রধানাচাৰ্য, শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা।
স্থাপন ঃৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ৰূপী বৃক্ষৰ পৰা ৰস গ্ৰহণ কৰি আজি ভালেমান সংগঠনে বিভিন্ন ক্ষেত্রত হিন্দুত্বৰ ওপৰত প্রতিষ্ঠিত ৰাষ্ট্ৰৰ পূৰ্ণনিৰ্মাণৰ পবিত্ৰ কামত সদায় সক্ৰিয় হৈ আছে। সেইবোৰৰ ভিতৰত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানো এটা, যিয়ে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে। বিদ্যা ভাৰতী স্থাপন ১৯৭৭ চনত কৰা হৈছিল যদিও শিক্ষা মানুহ গঢ়াৰ এক শক্তিশালী মাধ্যম হেতুকে সংঘৰ স্বয়যালক সকলে বহু আগৰেপৰাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত শিক্ষানুষ্ঠান আৰম্ভ কৰিছিল। ১৯৩৩ চনত নাগপুৰৰ মহালত সংঘৰ কিছু কাৰ্য্যকৰ্তাই নৱযুগ নামৰ বিদ্যালয় এখন পৰম পূজনীয় ডাঃ হেডগেৱাৰ দেৱৰ পথ প্ৰদৰ্শনত খুলিছিল আৰু ১৯৩৯ চনত উক্ত বিদ্যালয়খনৰ পৰিচালনাৰ দায়িত্ব বালা চাহাব দেৱৰসক অৰ্পন কৰিছিল আৰু তেখেতক সহযোগ কৰাৰ বাবে দুজন অন্য সহযোগী কাৰ্যকৰ্তা শ্ৰী বুবু ৰাৱ কাহে' আৰু শ্ৰী দণ্তোপত্ত দেশপাণ্ডেক দায়িত্ব দিয়ে। ১৯৫২ চনত উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত সৰস্বতী শিশু মন্দিৰ যোজনাৰ জ্ৰীগনেশ হৈছিল। ইয়াৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত বিদ্যালয়সমূহ এক সূত্ৰবদ্ধ কৰাৰ বাবে ৰাজ্যিক সমিতি গঠন কৰা হয় আৰু এই সমিতিসমূহৰ সমন্বয় আৰু পথ প্ৰদৰ্শনৰ বাবে সৰ্বভাৰতীয় স্তৰত ১৯৭৭ চনত “বিদ্যা ভাৰতী”স্থাপন কৰা হয়।
উদ্দেশ্য ঃ আমি এনে ধৰণৰ জাতীয় শিক্ষা প্রণালীৰ বিকাশ সাধন কৰিব খোজোঁ যাৰ দ্বাৰা আমাৰ মাজত এক শ্ৰেণীৰ নতুন পুৰুষ গঢ় লৈ উঠিব, যি সকল হিন্দুত্ব নিষ্ঠা আৰুৰাষ্ট্ৰভক্তিত ওতঃপ্ৰোতভাৱে জড়িত হয়, যি সকল শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দৃষ্টিত পূৰ্ণ বিকশিত হৈ বৰ্তমান জীৱনৰ প্রত্যাহ্বানৰ সন্মুখীন হবলৈ সমৰ্থ হয় আৰু গাওঁ-গিৰি, গুহাবাসী সকলো দীন-দুখী অভাৱগ্ৰস্ত বান্ধধসকলক শোষণ
=৯>
আৰু অন্যায় তথা সামাজিক কু-ৰীতিবোৰৰ পৰা মুক্ত ৰাষ্ট্ৰ জীৱনৰ সমভাগী কৰি মু. সংস্কৃত কৰিবলৈ সমৰ্থৱান হয়।
বিদ্যা ভাৰতীৰ শৈক্ষিক চিন্তাৰ আধাৰ হৈছে হিন্দু জীৱন দৰ্শন। ইয়াৰ শিক্ষা পদ্ধতিৰ আধাৰ হৈছে ভাৰতীয় মনোবিজ্ঞান পৰিপূৰ্ণ মানৱৰ বিকাশৰ সংকল্পনা পশ্চিমীয়া মনোবিজ্ঞানৰ ওপৰত প্রতিষ্ঠিত শিক্ষা পদ্ধতিৰ দ্বাৰা পূৰ্ণ কৰা কেতিয়াও সম্ভৱ মহয়। সেয়েহে বিদ্যাভাৰতীয়ে ভাৰতীয় মনোবিজ্ঞানৰ বিকাশ ঘটাইছে আৰু তাৰ ওপৰতেই নিজৰ শিক্ষা পদ্ধতিও প্ৰতিষ্ঠিত কৰিছে। তদুপৰি ইয়াৰ নামাকৰণো ‘সৰস্বতী পঞ্চপদী শিক্ষা সমিতি’ ন৷মেৰে নামকৰণ কৰিছে। প্ৰাথমিকত স্তৰত ‘সৰস্বতী শিশু মন্দিৰ শিক্ষা শিক্ষা জগতত প্রতিষ্ঠা লাভ কৰিছে।
বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় বিদ্বং পৰিষদ ঃ শিক্ষা বিষয়ৰ চিন্তা-চৰ্চা আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শ আদিৰ বাবে বিদ্যা ভাৰতীয়ে ১৯৮০ চনতৰাষ্ট্ৰীয় বিদ্বৎপৰিষদ গঠন কৰিছে। ভাৰতবৰ্ষৰ স্বনামধন্য শিক্ষাবিদসকল ইয়াৰ সদস্য । জিলা, প্ৰদেশ, ক্ষেত্ৰীয় আৰুৰাষ্ট্ৰীয় ভ্তৰত ৰাষ্ট্ৰীয় বিদ্বৎ পৰিষদৰ কৰ্মশালাৰ আয়োজন কৰা হয়। ৰ ভাৰতীয় শিক্ষা গৱেষণা (শৌধ) প্রতিষ্ঠান £ শিক্ষা দৰ্শন, ভাৰতীয় শিক্ষা
মনোবিজ্ঞান, মূল্যাঙ্কন আৰু পৰীক্ষা আদি বিভিন্ন শিক্ষা বিষয়ৰ অনুসন্ধানৰ কাৰ্য পৰিচালনাৰ
বাবে লঙক্কৌত বিদ্যা ভাৰতীৰ দ্বাৰা “ভাৰতীয় শিক্ষা গৱেষণা পত্ৰিকা” (ৰিচাৰ্চ জাৰ্ণেল) প্রকাশ কৰা হয়। এই পত্ৰিকাখনে ৰাষ্ট্ৰীয় তথা আশ্তঃৰাষ্ট্ৰীয় শিক্ষা জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এই সংস্থানত এটা সমৃদ্ধিশালী পুথিভঁৰাল গঢ়ি তোলা হৈছে আৰু মনোবিজ্ঞানৰ গৱেষণাগাৰ তথা পৰামৰ্শ আৰু মাৰ্গদৰ্শন বিভাগ সক্ৰিয় কৰা হৈছে।
বিদ্যা ভাৰতী ভাৰতবৰ্ষৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী শিক্ষা অনুষ্ঠান ঃ বিদ্যা ভাৰতীয়ে লক্ষ্যত উপনীত হোৱাৰ নিমিতে নগৰ-চহৰ, গাওঁ, বনবাসী অঞ্চল, গিৰি-গুহা আদিত বিদ্যা ভাৰতীৰ সংবদ্ধ প্ৰাথমিক শ্ৰেণীৰ পৰা (২০০২-২০০৩ চনৰ তথ্য অনুসৰি) হাইস্কুল তথা মহাবিদ্যালয় পৰ্যন্ত ২১,৭৫৩ খন শিক্ষানুষ্ঠান চলি আছে। ইয়াৰ উপৰিও সেৱা বসন্ভিত ২,২৮৫ টা সংস্কাৰ কেন্দ্ৰ, সৰুডাঙৰ গাঁৱত ১,৬৮৬ খন একক শিক্ষক বিদ্যালয় চলি আছে।এই-শিক্ষানুষ্ঠানবোৰত ১,০৭,৩৫৬ জন আচাৰ্য -আচাৰ্ব'ৰ সান্নিধ্যত ২৫,৬৬,৩০৬ জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আৰু সংস্কাৰ গ্ৰহণ কৰি আছে।
আৱাসিক বিদ্যালয় ঃ বিদ্যা ভাৰতীৰ সংবদ্ধ ১১৯ খন আৱাসীয় (]২69]- 0200118]) বিদ্যালয় সম্পূৰ্ণ ভাৰতবৰ্ষত সম্প্ৰতি চলি আছে। সম্পূৰ্ণ ২৪ ঘন্টাই সংস্কাৰ
৬ পপ ৮ )
ক্ষমপৰিৱেশতবসবাস কৰাৰ কাৰণে এই বিদ্যালয়সমূহত অধ্যয়ন কৰি থকা বিদ্যাৰ্থীসকলৰ বিকাশ একেবাৰে সহজতে হৈ উঠে। জ্ঞান-বিজ্ঞানৰ দিশতো তেওঁলোক অগ্ৰণী হয়।
বিদ্যা ভাৰতীৰ কেন্দ্ৰীয় বিষয় ঃ বিদ্যা ভাৰতীয়ে ৰাষ্ট্ৰীয় একতা তথা শিশুৰ সৰ্বাঙ্গীন বিকাশৰ দৃষ্টিৰে ৫ টা কেন্দ্ৰীয় বিষয়ৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। এই কেন্দ্ৰীয় ৫ টা বিষয় বিদ্যা ভাৰতীৰ সংবদ্ধ দেশৰ আটাইবোৰ বিদ্যালয়তে প্ৰচলন কৰা হৈছে। বিষয় কেইটা হ'ল (১) শাৰীৰিক শিক্ষা (২) যোগ শিক্ষা (৩) সংগীত শিক্ষা (৪) সংস্কৃত শিক্ষা (৫) নৈতিক আৰু আধ্যাত্মিক শিক্ষা।
বিদ্যা ভাৰতী সংস্কৃতিবোধ পৰিযোজন৷ ? যুৱ সমাজক নিজৰ ধৰ্ম, সংস্কৃতি আকুৰাষ্ট্ৰীয়তাৰ জ্ঞানযুক্ত সংস্কাৰ প্ৰদান কৰাৰ বাবে বিদ্যা ভাৰতী সংস্কৃতি শিক্ষা সংস্থান, কুৰুক্ষেত্ৰৰ পৰা সংস্কৃতিবোধ পৰিযোজনা সঞ্চালন কৰা হয়। বিদ্যা ভাৰতীৰ লগত জড়িত বেছিভাগ বিদ্যালয়তে এই পৰীক্ষা অনুষ্ঠিত হয়।এই পৰিযোজনাৰ অধীনত নিম্নলিখিত কাৰ্যক্ৰম সমূহৰ আয়োজন কৰা| হয়।-- (ক) অখিল ভাৰতীয় সংস্কৃতি জ্ঞান পৰীক্ষা (খ) আচাৰ্য সংস্কৃতি জ্ঞান পৰীক্ষা (গ) প্ৰৱন্ধ লেখন প্ৰতিযোগিতা আৰু (ঘ)প্রশ্ন-মঞ্চ কাৰ্যক্ৰম (কুইজ) ণ
অখিল ভাৰতীয় ক্ৰীড়া সমাৰোহ ঃ বিদ্যাভাৰতীয়ে প্ৰতিবছৰে অখিল ভাৰতীয় স্তৰত ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিআহিছে। দৌৰ, জাম্প, ছটপুট, মল্লযুদ্ধ আদি প্রতিযোগিতা সমূহ শিশু, বালক আৰু কিশোৰ শাখাৰ ল’ৰা-ছোৱালী উভয়ৰে বাবে বেলেগে-বেলেগে আয়োজন কৰা হয়। বিদ্যালয়, জিলা, সম্ভাগ, প্ৰদেশ আৰু ক্ষেত্ৰীয় স্তৰত অংশ গ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰা সকলে অখিল ভাৰতীয় ক্রীড়া সমাৰোহত অংশ গ্ৰহণ কৰে। এই খেল ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সমপৰ্যায়ৰ।
স্বদেশী জাগৰণ অভিযান ঃ বিগত কিছু বছৰৰ পৰা বহুৰাষ্ট্ৰীয় কোম্পানীসমূহে ভাৰতত প্রৱেশ কৰিছে আৰু তেওঁলোকৰ প্রভাৱ অৰ্থব্যৱস্থাৰ ওপৰতো বৃদ্ধি পাবলৈ ধৰিছে। ফলস্বৰূপে দেশে আৰ্থিক দাসত্বৰ দিশত তীৱ গতিৰে আগবাঢ়িছে। এই উত্থানক বাধা দিয়াৰ নিমিত্তে স্বদেশী জাগৰণ মঞ্চৰ তত্বাৱধানত বিদ্যা ভাৰতীয়ে নিজৰ বিদ্যালয়ত স্বদেশী জাগৰণৰ কাৰ্যসূচী প্ৰচলন কৰিছে। স্বদেশী সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি সকলোৰে মাজত বিতৰণ কৰিছে। ইয়াৰ বাবে ২৫ চেপ্তেম্বৰ পৰা ২ অক্টোবৰলৈ প্রতিবছৰে স্বদেশী জাগৰণ সপ্তাহ পালন কৰাৰ সিদ্ধান্ত কৰা হৈছে।
পৰিয়ালত সংস্কাৰক্ষম পৰিৱেশ £ আচাৰ্য-আচাৰ্যাসকলে অভিভাৱকৰ ঘৰলৈ ফগগ সৰ্পক কৰাটো বিদ্যা ভাৰতী বিদ্যালয়সমূহত শিক্ষা আৰু সংস্কাৰ প্রক্ৰিয়াৰ অংগ বুলি
>>
ধৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ধৰ্ম, সংস্কৃতি আৰু সামাজিক চেতনাৰ যি সংস্কাৰ বিদ্যালয়সমূহত লাভ কৰে, সেই সংস্কাৰ যাতে ঘৰতো পায় তাৰবাবে আচাৰ্য"আচাৰ্যাসকলে চেষ্টা কৰে। আচাৰ্য আৰু অভিভাৱকৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠাৰ ফলত পৰিয়ালত সংস্কাৰক্ষম পৰিৱেশ এটা নিৰ্মাণ হৈ উঠে।
প্রাক্তন ছাত্ৰ পৰিষদ ঃ বিদ্যা ভাৰতীৰ বিদ্যালয়ত অধ্যয়ন কৰা বহুছাত্ৰ-ছাত্ৰীয়ে আজিকালি সমাজত প্ৰতিষ্ঠা লাভ কৰিছে। আমাৰ এই প্রাক্তন হাৱ-হাত্ৰীসকলৰ লগত যাতে সতত সমম্পক থাকে, তাৰবাবে প্ৰতিখন বিদ্যালয়ত আৰু প্ৰাদেশিক স্তৰত একোখন “প্রাক্তন ছাত্ৰ পৰিষদ” গঠন কৰা হয়। লগতে এই পৰিষদ যাতে সক্ৰিয় হৈ থাকে তাৰ বাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি কাম কৰা হয়। ইয়াৰ ফলত তেওঁলোকৰ মাজত নিকেতনত লাভ কৰা সংস্কাৰ সমূহ বৰ্তি থাকে আৰু বিদ্যা ভাৰতীয়ে চলাই থকা বিভিন্ন সেৱা প্রকল্পসমূহত তেওঁলোকৰ ব্যক্তিগত আৰু আৰ্থিক ভাৱে সক্ৰিয় সহযোগ প্রাপ্ত হয়।
বিদ্যা ভাৰতী প্রকাশন ? (১) ‘বিদ্যা ভাৰতী প্রদীপিকা’ তিনিমহীয়া আলোচনী দিল্লীৰ পৰা প্রকাশ হয়।
(২) ‘দৱপুত্ৰ’ মাহেকীয়া আলোচনী ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্দোৰৰ পৰা প্রকাশ হয়।
(৩) ‘ভাৰতীয় গৱেষণা পত্ৰিকা’ লক্কৌৰ পৰা প্রকাশিত।
ইয়াৰ উপৰিও আন আন সাহিত্য আৰু সংস্কৃতি জ্ঞান-পৰীক্ষা সম্বদ্ধীয় পাঠ্যপুথি বিদ্যা ভাৰতী সংস্কৃতি শিক্ষা সংস্থান, কুৰুক্ষেত্ৰৰ পৰা প্রকাশ হৈ ওলায়।
সদৌ শেষত ভাৰতীৰ কাম-কাজৰ পৰিসৰ কেৱল আমাৰ দেশতে বৰ্তমান সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংযোজন বাহ্ৰিৰ ভালেমান দেশলৈও বিয়পি পৰিছে। সেয়েহে শেহতীয়াকৈ বিদ্যা ভাৰতীয়ে বিদেশমন্ত্ৰনালয়ত আৰম্ভ কৰিছে। বিদ্যাভাৰতীক ভাৰত চৰকাৰৰ সমাজ কল্যাণ বৰ্ড আৰু অনুসূচীত জাতি মন্ত্ৰালয়ৰ পৰা স্বীকৃতি প্ৰদান কৰিছে।202
এতিহাসিক পটভূমিত ঘিলামৰা
২ ড" কেশৱ হাজৰিকা থিলামৰা।
লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঘিলামৰা এখনি প্ৰসিদ্ধ ঠাই৷ ভৌগোলিকভাৱে অঞ্চলটিৰচাৰিসীমা বান্ধি দিয়াটো সম্ভৱ নহয় যদিও--- পূবে-বাটমাৰী, পশ্চিমে-বৰদৈবাম, বিলমুখ, উত্তৰে-বৰমুঠৰিয়নি আৰু দক্ষিণে - কঢ়া নদীলৈকে বিস্তৃত এইভূখণ্ডকে ঘিলামৰা নামেৰে নামকৰণ কৰা হৈছে। ঠাইখন লক্ষীমপুৰ জিলাৰ জিলাসদৰৰ পৰা প্রায় ৬২ কিঃ মিটাৰ পূৰত আৰু ঢকুৱাখন| মহকুমাৰ মহকুমা সদৰৰ পৰা প্ৰায় ১৯ কিঃমিঃ উত্তৰত অৱস্থিত। এই ভূখণ্ডৰ নাম ঘিলামৰা কিয় হ'ল সেই সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত দাঙি ধৰিছে। প্ৰচলিত জনশ্ৰুতি অনুসৰি ‘ঘিলা’ নামৰ আহোম সেনাপতি এজন মানৰ লগত হোৱা ৰণত এই ঠাইতে মৃত্যু বৰণ কৰিছিল। তেওঁৰ নাম অনুসৰিয়েই ঠাইখনৰ নাম ঘিলামৰা হয়। এই সম্পৰ্কত ড“নিত্যানন্দ গগৈদেৱে কৈছে-- “আমাৰ বিচাৰত ঘিলা নামৰ সেনাপতিজন অনা আহোম (চুতীয়া) আৰু তেওঁ মানৰ আক্ৰমনৰ বহুবছৰৰ পূৰ্বে আহোম যুগত আহোমৰ হাতত কোনো এখন যুদ্ধত মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ ঘটনাটো কোনো পধ্যেই ১৮০০ চনৰ পাছলৈ যাব নোৱাৰে। কাৰণ তুংখুঙীয়া নামৰ পুৰণি বুৰঞ্জীত ঘিলামৰা নামটো উল্লেখ ১৮০৫ চনৰ পৰাই পোৱা গৈছে। বিশ্বেশ্বৰ বৈদ্যাধিপৰ বেলিমাৰ বুৰঞ্জীতো ঘিলামৰাৰ উল্লেখ পোৱা যায়। মানৰ দ্বিতীয় আক্ৰমণৰ কথা বৰ্ণনা কৰিবলৈ গৈ লেখকে কৈছে--
এক হন্তে মান আসি ঘিলামৰা পাইলা।
হাত যোৰা দিয়া সৱে চিপাহী ধৰিলা।।
উল্লেখযোগ্য যে, বৰ্তমান ঘাঁহিগাওঁ, কলিতাগাওঁ, জালভাৰী গাওঁ, চেতিয়া গাওঁ, পাৰঘাট, ফুকন গাওঁ আৰু ভকত গাঁৱৰ মাজত অৱস্থিত বিস্তৃত পথাৰখন ঘিলামৰা
>>
পথাৰ বুলি জনা যায়। এই পথাৰৰ মাজত থকা ‘ৰণচালি’, ‘তেজধোৱা’ আৰু খৰি দিয়া নামৰ পুখুৰী তিনিটাই ঘিলা সেনাপতিৰ স্মৃতিকে বহন কৰি আহিছে।
ঘিলামৰাৰ এঁতিহাসিক পটভূমি?
প্রাক গঁতিহাসিক যুগৰ কোনো আহিলা ঘিলামৰা বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আৱিষ্কাৰ হোৱা নাই যদিও ডিব্ৰুগড়, শদিয়া আদিত আৱিষ্কাৰ হোৱা নৱপ্ৰস্তৰ যুগৰ শিলৰ অস্ত, শিলৰ টাচ, শিলৰ বাচুলা আদিৰ পৰা অনুমান কৰিব পাৰি যে খৃঃপূঃ ২৫০০ চন মানত এই অঞ্চলটোত অষ্ট্রিক গোষ্ঠীৰ লোক বসবাস কৰিছিল। শালস্তম্ভ বংশৰ বিখ্যাত ৰজা হৰ্জ্জৰ বৰ্মাৰ তেজপুৰ শিলালিপিৰ পৰা জানিব পাৰি যে তেওঁৰ দিনত (৮২০- ৮৩৫ চন) এই অঞ্চলটো পুৰণি কামৰূপ ৰাজ্যৰ ভিতৰৱা আছিল। ইন্দ্ৰ পালৰ গুৱাহাটী ফলিৰ দ্বাৰা প্ৰমাণিত হয় যে একাদশ শতিকাৰ মাজ ভাগলৈকে কামৰূপ ৰাজ্যৰ সীমা পূৱে শদিয়ালৈকে বিস্তৃত আছিল। যদি সেয়ে হয় তেন্তে এই অঞ্চলটো তেতিয়াও কামৰূপ ৰাজ্যৰ ভিতৰনৱা আছিল। দশম একাদশ শতিকাত ৰচিত ‘কালিকা পুৰাণ’ৰ মতে এই অঞ্চলটো দিক্কৰ বাসিনী পীঠৰ অন্তর্ভূক্ত আছিল আৰু এক পীঠৰ অন্তৰ্গত ‘্বৰ্ণদী’ (সোৱণশিৰি) আৰুইয়াৰ পাৰ্শ্ববত্তী আন দক্ষিণ বাহিনী নৈ বিলাক গঙ্গাৰদৰে পৰিত্ৰ আৰু ফল দায়িনী। আহোম ৰাজ বংশৰ প্ৰতিষ্ঠাতা চুকাফাই ৰাজধানীৰ বাবে উপযুক্ত ঠাই বিচাৰি হাবুঙত (সোৱণশিৰি আৰু খেৰকটা সুঁতিৰ সঙ্গম স্থল) তিনি বছৰ শালিখেতি কৰি খাই থাকি পানীতল যোৱাৰ বাবে চৰাইদেউলৈ গুচি যোৱাৰ সময়লৈকে এই অঞ্চল কোন ৰাজবংশই শাসন কৰিছিল তাৰ স্পষ্ট প্ৰমাণ পোৱা নেযায়। কিন্তু চতুৰ্দশ শতিকাৰ আৰম্ভনিৰে পৰা ১৫০৫ চনলৈকে এই অঞ্চলটো যে চুতীয়া ৰাজ্যৰ ভিতৰুৱা আছিল তাৰ প্ৰমাণ এই অঞ্চলত আৱিষ্কাৰ হোৱা তিনিখন তামৰ ফলিয়ে দিয়ে৷ ইয়াৰে প্ৰথমখন ফলি ১৯১০ চনত ধেনুখনাত আৱিষ্কাৰ হয়।এই ফলিৰ যোগেদি স্মধয়াপুৰীৰ নন্দীশ্বৰ পুত্ৰ সত্যনাৰায়ণ ৰজাই ১৩১৪ শকত (১৪৯২ চন) কাশ্যপ গোত্ৰীয় নাৰায়ণ দ্বিজক ধৱরলী নদীৰ পাৰৰ লুদুমী মাৰীত ৬০০ পুটি মাটি খাটোৱাল মানুহৰে সৈতে আৰু দুই কুন্দাৱলী নাও ৰখা ঠাই দান কৰিছে। ফলিত উল্লেখ থকা ধৱলী নৈ এই অঞ্চলৰ ধল বা কুমতীয়া নৈ হোৱাই সম্ভৱ। গোটা পৰা বৰ্তমানৰ ঘটাপৰা হ’ব পাৰে; লুদুমীমাৰী বৰ্তমানৰ দুলীমেৰ বিলৰ ওচৰৰ পথাৰখন হ’ব পাৰে।
দ্বিতীয়খন ফলিত সত্যনাৰায়ণৰ পুত্ৰ লক্ষ্মী নাৰায়ণ ৰজাই ১৩২৩ শকত (১৪০১ চন) বাসুদেৱ পূজাত শাণ্ডিল্য গোত্ৰীয় ৰবি দেৱক পুন্য বিহুৰ দিনা ২০০ পুটি মাটি বখনাগাঁৱে সৈতে উমা দিছে। তাৰে পূৱে স্বৰ্ণদী, দক্ষিণে পোকামৰী আৰু উত্তৰে চম্পাৱতী।
১
ইয়াৰ স্বৰ্গী সোৱণশিৰি, বখনাগাওঁ বৰ্ষামুখ, পোকামৰী পকীমুৰী বিল আৰু চম্পাৱতী চামপৰা নৈ হোৱাৰ সম্ভাৱনাই বেছি।
তৃতীয়খন ফলিত সধয়া দেশৰ নৰপতি সত্যনাৰায়ণ ৰজাৰ পুত্ৰ যুৱৰাজ ধৰ্মনাৰায়ণে গৌৰাত্ৰীয় গোত্ৰৰ ব্ৰাহ্মণ বাসুদেৱক পূৰ্ব্বৰ ৰজা সকলে দান কৰা শাসনকে ১৩১৪ শকত (১৩৯২ চন) দান কৰিছে। এই শাসনৰ যোগেদি গাওঁ পথাৰ আৰু বাৰী দান কৰা হৈছে।
চুতীয়া সকলৰ শাসন কালত হাবুং অঞ্চলত অনেক দল দেৱালয় নিৰ্মান কৰা হৈছিল। মহম্মদ বিন টোঘলকৰ কটকী হিচাপে বিখ্যাত পৰিৱাজক ইবন বঢুতা ১৩৪১ খৃঃত হাবুং অঞ্চলৰ মাজেৰে চীন দেশলৈ যায় আৰু ১৪৪৫ খৃঃ ত উভতি আহে। তেখেতৰ এই ভ্ৰমণ কাহিনী ‘ছফৰ নামা’নামৰ পুথিত সুন্দৰকৈ লিপিবদ্ধ কৰা আছে। এই গ্ৰন্থত তেখেতে হাবুং অঞ্চলৰ সমৃদ্ধিশালী ৰূপটো বৰ্ণনা কৰি থৈ গৈছে। গৰখীয়া দল, মণিপুৰী দেৱীৰ থান, হাৰ্হি দেৱালয় আদি চুতীয়া ৰজা সকলৰ দিনতে স্থাপন কৰা হৈছিল। ঘিলামৰাৰ ফুকন গাঁৱৰ লক্ষীনাৰায়ণ পুখুৰীটো সম্ভৱত লক্ষীনাৰায়ণ ৰজাই খন্দাইছিল।
১৫০৫ চনত চুহুংমুং দিহিঙ্গীয়া ৰজাই হাবুং অঞ্চল অধিকাৰ কৰাৰ লগে লগে ঘিলামৰা অঞ্চলটিও আহোম শাসনৰ ভিতৰুৱা হৈ পৰে। আহোম সকলে এই অঞ্চলত নিজৰ শাসন সুদৃঢ় কৰিবলৈ নৌ পাওঁতেই কোঁচ ৰজা নৰ নাৰায়ণে আহোম ৰাজ্য আক্ৰমন কৰাৰ অভিপ্ৰায়ে ভায়েক গোহীই কমলৰ হতুৱাই কোঁচ বিহাৰৰ পৰা হাবুঙৰ মাজেদি বৰবলী পৰ্যন্ত ৩৫০ মাইল জোৰা আলি এটা বন্ধাই ১৫৪৭ চনত সম্পূৰ্ণ কৰে। এই আলিয়েদি অহা কোঁচ সৈন্যই আহোম ৰাজ্য আক্ৰমণ কৰে যদিও কাঁহিকুচিত হোৱা ৰণত স্বৰ্গদেউ চুক্লেংমুঙৰ হাতত তেওঁলোক পৰাস্ত হয়। এই আলিটো আজিও গোহীই কমল আলি নামেৰে জনাজাত হৈ আছে।
১৬৬৮ চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ঘিলামৰাৰ গোপাল পুৰত বনমালী দেৱক গোপালপুৰ সত্ৰ স্থাপন কৰি দিয়ে। মাজুলীৰ দক্ষিণপাট সত্ৰত প্রায়েই বানপানীয়ে উপদ্ৰৱ কৰাত ভকত সকলৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি গোপালপুৰত এই সত্ৰখনি প্রতিষ্ঠা কৰি দিয়ে। ১৭৩৮ চনত শিৱসিংহই পত্নী অম্বিকাৰ সৈতে প্ৰমোদ যাত্ৰাৰ উদেশ্যে ঘুগুহাত এমাহ কাল আছিলহি ৷ এই খিনি সময়তে শূলধৰা অসুখত পৰি ৰাণী অম্বিকাৰ মৃত্যু হয়।প্রিয়তমা পত্নীৰ মৃত্যু স্থানৰ স্মৃতি যুগমীয়া কৰিবৰ অৰ্থে স্বৰ্গদেৱে সেই ঠাইতে এটি স্মৃতি সৌধ নিৰ্মান কৰি দিয়ে। এই স্মৃতি সৌধ বৰ্তমান ঘুগুহা দল নামেৰে জনাজাত।
কমলেশ্বৰ সিংহ দিনত (১৭৯৫-১৮১০) হোৱা মৰাণ বিদ্ৰোহৰ যি সকল মৰাণে
>
আত্মসমৰ্পন কৰিছিল তেওঁলোকক ঘিলামৰাত বহুৱাই তেওঁলোকৰ ওপৰত চকু এই ঠাইত এক কোম্পেনী চিপাহী ৰাখে৷ মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত (১৮১৯ চন এই সৈন্য দলৰ সৈতে মান সৈন্যৰ যুদ্ধ হয় আৰু মানে অনেক চিপাহী হত্যা কৰে অনেককবন্দী কৰি লৈ যায়। এই বিষয়ে বিশ্বেৰ বৈদ্যাধিপে “বেলিমাৰ বুৰঞ্জী”ত লেখি থৈ গৈছে।
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইংৰাজ আৰু মান ৰজাৰ মাজত হোৱা ইয়াণ্ডাই সন্ধিৰ ফল স্বৰূপে অসম ইংৰাজৰ হাতলৈ যায়। লগতে ঘিলামৰাও ইংৰাজ ভিতৰুৱা হৈ পৰে।
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু ঘিলামৰা
ভাৰতৰ স্বাধীনতা আন্দোলনৰ দীৰ্ঘ পৰিক্ৰমাত লক্ষীমপুৰ জিলাৰ যি মহান ব্যক্তিৰ নাম পোৱা যায় সেই কেইজনৰে কেইবাজনো লোক ঘিলামৰা বা ইঃ
উল্লেখযোগ্য যে ঘিলামৰা ঘাঁহিগাঁৱৰ জীয়ৰী অকনবালা দাসে গান্ধীজীৰ অনুপ্ৰাণিত হৈ স্বাধীনতা আন্দোলনত জপিয়াই পৰাৰ লগতে তৰুণৰাম ফুকনৰ বায়ে গিৰিজা সুন্দৰী দেৱীৰ তত্বাৱধানত থাকি তাঁতবোৱাৰ শিক্ষা আৰু হিন্দী শিক্ষণৰপ্রশিক্ষনো লাভ কৰিছিল। আন্দোলনত যোগদান কৰাৰ কাৰণে চন্দ্ৰশেখৰ দাস, কুলপ্ৰসাদ গোস্বামী, ধনপুৰ হাজৰিকা,দ্বাৰিকানাথ ফুকন,গণনাথ গোহীঁই,ৰুক্নাথ গগৈ, হীৰানাথ শৰ্মা,তিলেশ্বৰ দত্ত, কেশৱচন্দ্ৰ গগৈ, গগনচন্দ্ৰ দাস, শিৱচন্দ্ৰ গোস্বামী প্ৰমুখ্যে কেইবাজনো লোক পুলিচৰ হাতত গ্ৰেপ্তাৰ হ’ব লগ৷ হৈছিল। ইয়াৰে ধনপুৰ হাজৰিকাক ঢকুৱাখনাৰ পুলিচে গ্ৰেপ্তাৰ কৰোতে ১০/১২ জোৰা গায়নেৰে তেখেতক আগবঢ়াই দিছিল। এই অঞ্চলৰে ডিম্বেশ্বৰ দাস, তৰুণ বৰুৱা, কুলধৰ শইকীয়া, মনোৰাম সেনাপতি, জগতচন্দ্ৰ বড়া, পদ্নেশ্বৰ দত্ত আদিয়ে চৰকাৰী চাকৰি ত্যাগ কৰি স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল
ঘিলামৰা বৌদ্ধিক জগতত এভুমুকিঃ ূ
কেইবাজনো কৃতী ছাই ৷ সেই সকলৰ ভিতৰত ১৯৮৯ বাপাৰাম দত্ত, ১৯০৯ চনতবিষণু
গগৈ, ধৰ্মেশ্বৰ শইকীয়া, কুল গগৈ আৰু ১৯১২ চনত কৃষ্ণগগৈ, পোনাৰাম গগৈ,মনোৰাম সেনাপতি, সোমেশ্ব চুতীয়া আৰু মোলোক গগৈয়ে এম.ভি. পাচ কৰি ঘিলামৰাক মহীয়ান কৰি তোলে।
১৮৮৫ চনত ঘিলামৰা দেৱলীয়া গাঁৱত স্থাপিত হোৱা প্ৰাথমিক বিদ্যালয় খনিয়েই আছিল ঘিলামৰাৰ প্রথম শিক্ষানুষ্ঠান৷ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক আছিল লামো গাঁৱৰ বগাধৰ পণ্ডিত। এইখিনি সময়তে ঘিলামৰা ঘাঁহিগাঁৱত ৪১ নং ঘাঁহিগাওঁ নিম্ন বুনিয়াদী বিদ্যালয়খনিও স্থাপন কৰা হয়। ১৯২১ চনত চন্দ্ৰশেষৰ দাসে চৌখামঘাট গাঁৱত এখনি মাইনৰ স্কুল আৰম্ভ কৰিছিল। কিম্তু সেইখন বেছিদিন নিটিকিল। সম-সাময়িক ভাৱে ধনপুৰ হাজৰিকাই ঘাঁহি গাঁৱত এখনি ছোৱালী প্রাইমেৰী স্কুল স্থাপন কৰিছিল। পৰৱৰ্ত্তী কালত অকন বালা দাসে বিদ্যালয়খনি স্থায়ীৰূপ দিয়াত সহায় কৰে। ১৯৩৭ চনত ঘিলামৰা ন পুখুৰীৰ পাৰত দ্বাৰিকা নাথ ফুকনে এখনি এম. ভি. স্কুল আৰু ডিম্বেশ্বৰ দাসে এখনি এম. ই. স্কুল প্রতিষ্ঠা কৰে। কিন্তু এম. ই. স্কুলখনৰ ঘৰ জুই লগাই ১৯৪৬ চনত হৰেন্দ্ৰ নাথ গগৈ দেৱে চৌখামঘাট গাঁৱত এই বিদ্যালয়খনি স্থাপন কৰে। এই সময়ত বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা দান কৰি থকা শিক্ষক সকলৰ ভিতৰত ধৰ্মেশ্বৰ শইকীয়া, পোনাৰাম গগৈ, ভদ্ৰেশ্বৰ চেতিয়া, দ্বাৰিনাথ ফুকন, ডিম্বেশ্বৰ দাস, কৃষ্ণ গগৈ,হলীৰাম দত্ত,ৰাতিবৰ দাস, ধনবৰ গোহীইৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য।
শৈক্ষিক দিশত ঘিলামৰাৰ শিক্ষানুষ্ঠান সমূহে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। নৰ্থ বেংক মহাবিদ্যালয়ৰ পৰা তোষেশ্বৰ চেতিয়া আৰু ভোলা গগৈয়ে ডিষ্টিংচন সহ স্নাতক ডিগ্ৰী, নীলিমা চায়েঙ্গীয়াই প্রাক্ স্নাতক পৰীক্ষাত বিশ্ব বিদ্যালয়ৰ ভিতৰতে নৱম স্থান, ঘিলামৰা আদৰ্শ উঃ মাঃ বিদ্যালয়ৰ ছাত্ৰ অনুজ চুতীয়া আৰু চিমিৰেখা গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্দশ আৰু উন্নবিংশ স্থান লাভ কৰি ঠাইখনিৰ গৌৰৱ কঢ়িয়াই আনিছে। ঘিলামৰা সংগীত আৰু কলাশিক্ষা মহাবিদ্যালয়ৰ কেইবাগৰাকীও স্নাতকে অসমৰ সংগীত জগতলৈ বিশিষ্ট বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। এই প্লসংগত পুতুল বৰন্বা, বিজয়৷ ভৰালী, হেমকান্ত সন্দিকৈৰ নাম প্ৰথমেই লব লাগিব।2৫৩
ঘিলামৰা শঙ্কৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক সম্পাদকৰ এক প্রতিবেদন
মোৰ প্রতিবেদন আৰম্ভ কৰাৰ আগতে ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ, প্রতিষ্ঠাৰ লগত জড়িত সকলো ব্যক্তি, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সকলো সদস্য, প্রতিজন আচাৰ্য-আচাৰ্যা৷ আৰু ছাত্ৰ-ছাত্ৰীলৈ মোৰ আন্তৰিক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ নিকেতন খোলাৰ সময়ত যি সকল ব্যক্তি আমাক সকলো ক্ষেত্ৰত সহায় কৰিছিল আৰুবৰ্তমান স্বৰ্গবাসী হৈছে তেওঁলোকৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনালোঁ। পৰিচালনা সমিতিৰ প্রতিষ্ঠাপক সম্পাদক হিচাপে এই নিকেতনৰ জন্ম কাহিনীৰ লগত ঘটা বহু কেইটা ঘটনাৰ লগত প্রত্যক্ষ ভাৱে জড়িত আছিলো৷ বহুতিতা- মিঠা অভিজ্ঞতাৰ মাজেৰে নিকেতনৰ প্ৰতিষ্ঠাৰ বাবে কৰিবলগীয়া কাম নিষ্ঠাৰে পালন কৰিছিলো ৷ কম সময়ৰ ভিতৰতে বহু কাম সমাধা কৰিব লগীয়া হৈছিল যদিও ভবা মতেই সকলো কাম হৈ গৈছিল আৰু অতি কম সময়ৰ ভিতৰত নিকেতনৰ শ্ৰেণী আৰম্ভ কৰিব পাৰিলত মনত আনন্দ পাইছিলো আৰু সম্তুষ্টি লভিছিলো।
১৯৫২ চনত উত্তৰ প্রদেশৰ গৌৰমপুৰত আৰ, এচ, এচ.ৰ দ্বাৰা পৰিচালিত বিদ্যা ভাৰতী নামেৰে ভাৰতীয় দৰ্শনৰ দ্বাৰা নিয়ন্ত্রিত শিক্ষাৰ প্রচাৰ-প্ৰসাৰ বাবে এক জাতীয় অনুষ্ঠানৰ প্রতিষ্ঠা কৰা হয়। এই অনুষ্ঠানৰ অধীনত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিদ্যাভাৰতী পৰিচালিত নিকেতন প্রতিষ্ঠা কৰা হয়। সেই ভ্ৰুমতে ১৯৬৯ চনত আমাৰ অসমতো ‘অসম শিশু শিক্ষা সমিতি’ নামেৰে বিদ্যা ভাৰতীৰ অধীনত এক অনুষ্ঠানৰ জন্ম দিয়া হয়। ১৯৯৫ চন মানলৈকে অসম শিশু শিক্ষা সমিতিৰ অধীনত প্রতিখন জিলাত কমেও একোখনকৈহে নিকেতন খোলিব পৰা| গৈছিল। ইয়াৰ পৰা বুজা যায় সেই সময়ত নিকেতনৰ প্রচাৰ-প্ৰসাৰৰ গতি মন্থৰ আছিল। ইয়াৰ পিছতে অসমতেই নহয় ভাৰবৰ্ষতে নিকেতন খোলাৰ এক জোৱাৰ আহিছিল। সকলো সৰু বৰ ঠাইত নিকেতন খোলৰ কাঃ আৰম্ভ হৈছিল। বৰ্তমান সমগ্ৰ ভাৰতত প্রায় ৭০০০ খন আৰু অসমত ৪৫০ খন নিকেতত
১৬ 7)
ৃ গোগামুখ সংকুল সমাৰোহ ২০১০ৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰা -
শিশু শিক্ষা সমিতি,অসমৰ সম্পাদক মাননীয় শ্ৰীযুত সদা দত্ত।
গোগামুখ সংকুলৰ বাৰ্ষিক ভাৰতী আলোচনী উন্মোচনৰ মুহুৰ্ত্তত
শ্ৰীযুত তুলসী শইকীয়া।
গোগামুখ সংকুলৰ ২০০৯ বৰ্ষৰ বৃত্তি পৰীক্ষাত প্ৰথম
স্থানপ্রাপ্ত ঘিলামৰা।
চলি আছে।
বৰদৈবাম চাহ বাগিচাৰ কাষত থকা সতীশ চন্দ্ৰ গগৈ উচ্চ মাধ্যমিক বিদ্যালয়ত প্রধান শিক্ষক হিচপে কাৰ্য্য নিৰ্বাহ কৰি থকা কালতে মোৰ সহকৰ্মী মুলান দিহিঙ্গীয়া আৰু মামনি চিৰাং বাইদেউৱে ঘিলামৰাত এখন শঙ্কৰদেৱ শিশু নিকেতন স্থাপন কৰিব পৰা যায় নেকি সেই বিষয়ে মোক অৱগত কৰে। কাৰণ তেওঁলোকে মোৰ লক্ষীমপুৰ শংকৰদেৱ শিশু নিকেতনত থকা অৰিহনা আৰু আৰ, এচ, এচ,ৰ লগত থকা সু-সম্পৰ্ক কথা জানিছিল। সেয়েহে মই ঘিলামৰাত এখন নিকেতন প্রতিষ্ঠা কৰিব পাৰিম বুলি বিশ্বাস কৰিছিলো। নিকেতন খোলাৰ সম্পৰ্কে তেওঁলোকৰ লগত আলোচনা কৰি থকাৰ সময়তে লক্ষীমপুৰ জিলা সমিতিৰ লগত যোগাযোগ কৰি জানিব পাৰো যে ঘিলামৰাত এখন নিকেতন খোলিব পৰা হ’ব আৰু ইয়াৰ বাবে আৱশ্যকীয় অনুজ্ঞা ৰাজ্যিক সমিতিৰ পৰা আনিব পৰা যাব। লক্ষীমপুৰৰ নিকেতন প্ৰতিষ্ঠাৰ লগত জড়িত থকাৰ বাবে নিকেতন প্রতিষ্ঠাৰ সামান্য অভিজ্ঞতা অৰ্জন কৰিছিলো। সেই সামান্য অভিজ্ঞতাৰে মনত সাহস গোটাই লৈ ঘিলামৰাত এখনি ‘শংকৰদেৱ শিশু নিকেতন’ প্রতিষ্ঠা কৰিম বুলি মন স্থিৰ কৰিলো। ঘিলামৰাত নিকেতন স্থাপনৰ কল্পনা মনত লৈ মোৰ শ্ৰদ্ধাৰ শ্ৰীয়ুত বিপিন বৰুৱা দেৱ প্ৰমুখ্যে কেইবাজনো মুখীয়াল ব্যক্তিৰ লগত আলোচনা কৰিছিলো সকলোৱে একেশ্বৰে এনে এখন বিদ্যালয় আমাৰ ইয়াত স্থাপন হলে ৰাইজৰ উপকাৰ হ’ব ও ছাত্ৰ- ছাত্ৰীকো ভাল শিক্ষা দিব পৰা যাব বুলি মোক উৎসাহিত কৰে। নিকেতন স্থাপনৰ জল্পনা- কল্পনা কৰি থকাৰ সময়তে ৰাইজৰ পৰা এইদৰে সহাৰি পাই মনত সাহস গোট খায় আৰু ২২/১২/১৯৯৬ তাৰিখে ৰাইজৰ পৰামৰ্শ, অনুমতি ও তদৰ্থ কমিটি গঠনৰ বাবে শ্ৰীযুত বিপিন বৰুৱাদেৱ আৰু এই অভাজনক আহ্বায়ক হিচাপে লৈ এখনি সাধাৰণ সবা আহ্বান কৰাহয়।
সভাত আমি আশা কৰাতকৈ বহুঅধিক প্রায় এশ জন মুখীয়াল ব্যক্তি ঘিলামৰাৰ, বিভিন্ন ঠাইৰ পৰা উপস্থিত হৈছিল। শ্ৰীযুত বিপিন বৰুৱা দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত আমাৰ বিদ্যালয়ৰ নীতি আদৰ্শ, শিক্ষাৰ মাধ্যম, পৰিচালনা পদ্ধতি দদিৰ বিষয়ে মোক জনাবলৈ অনুৰোধ জনায়। ৰাইজৰ অনুৰোধ মৰ্মে আমাৰ বিদ্যালয়ৰ লগত জড়িত সকলো কথা খৰচি মাৰি জনাওঁ। উপস্থিত ৰাইজৰ কেইজনমানে বিনম্ৰ ভাৱে মোক জনায় যে আজি আমি ইয়ালৈ প্রকৃততে বিদ্যালয়ৰ খোলৰ বিৰোধিতা কৰিবলৈহে আহিছিলো। এতিয়া কিন্তু আমি বিৰোধিতা নকৰি সহ্যোগিতাহে কৰিম। মই কাৰণ জানিব বিচৰাত তেখেতলোকে কয় যে, প্ৰকৃততে আজি ইয়াত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়
খোলাৰ কথা হে আলোচনা হ’ব বুলি আমি ভাবিছিলো। ইংৰাজী মাধ্যমৰ বিদ্যালয় আমাৰ ইয়াত নালাগে সেয়েহে আমি আজি এনে বিদ্যালয় খোলাৰ বিৰোধিতাহে কৰিম বুলি ভাবি আহিছিলো। কিন্তু আপোনাৰ পৰা আজি জানিব পৰিলো যে, নিকেতনৰ দ্বাৰা মাতৃ ভাষাত শিক্ষা দিয়া হ’ব আৰু ভাৰতীয় দৰ্শনৰ আধাৰত দিয়া হ’ব এই কথা জানি আমি অতি আনন্দিত হৈছো। এনে এখন বিদ্যালয় আমাৰ ঘিলামৰাত স্থাপিত হ'লে ভৱিষ্যত প্ৰজন্ম নিশ্চয় সাংস্কৃতিবান হ'ব তাত দ্বিমত নাই এইদৰে মস্তব্য দি সমূহ উপস্থিত ৰাইজ একেশ্বৰে বিদ্যালয় স্থাপনত অনুমতি দিয়ে। ইয়াৰ পিছত নিকেতন স্থাপনৰ বাবে প্রস্তাৱ গ্ৰহণ কৰা হয় আৰু জ্ৰীযুত বিপিন বৰুৱা গম ..; মুখীয়াল ব্যক্তিসহ এখন তদৰ্থ কমিটি গঠন কৰি দিয়া হয়।
মী ৰ মোৰ ওপৰত কেইবাটাও গুৰু দায়িত্ব আহি পৰে। প্রধান আচাৰ্য নিৰ্বাচন কৰা, বিদ্যালয় গৃহ ঠিক কৰা, শিক্ষাদানৰ বাবে আচবাব আৰু অন্যান্য সা-সজুলি আদি যোগান ধৰা আদি কামৰ লগতে দান-বৰঙনি আদিও সংগ্ৰহ কৰিব লগীয়া হৈছিল। প্রধান আচাৰ্যক লৈ চিন্তাত পৰিছিলো। অৱশ্যে ভগৱানে সেই চিন্তাৰ সমাধানো কৰি দিছিল। স্থানীয় যুৱক খ্ৰীমান সুধন্য বুঢ়াগোহীই প্ৰধান আচাৰ্য দায়িত্বলবলৈ আগবাঢ়ি আহিল৷ অতি কম দিনৰ; ভিতৰতে গুৱাহাটীত হ’বলগীয়া প্রধান আচাৰ্য্যৰ পৰিশিক্ষণ শিবিৰলৈ শ্ৰীমান সুধন্য বুঢ়াগোহীইক পথোৱাৰ ব্যৱস্থা কৰিলো সুধন্য বুঢ়াগোহীইৰ মা-দেউতাই আন্তৰিকতাৰে কৰা সহযোগিতাৰ কথা মই পাহৰিব নোৱাৰো। তেওঁলোকে বিদ্যালয়ৰ বাবে আৱশ্যক হোৱা সকলো আচবাব নিজৰ গাঠিৰ ধন ভাঙি বনাই দিছিল। তেওঁলোকৰ দানশীলতাৰ বাবেই আমি কম চেষ্টাতে সকলোখিনি আচবাব লাভ কৰিছিলো। বিদ্যালয়খনিৰ চালুকীয়া অৱস্থাতে এনেদৰে মুক্তহস্তে দান দিয়াৰ বাবে মই তেখেতলোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম।
_ ঘিলামৰা সমবায় সমিতিৰ কাৰ্য্যালয়ৰ কাষত কৃষি বিভাগৰ এটি ঘৰ বহু দিন ধৰি ব্যৱহাৰ নোহোৱাকৈ পৰি আছিল কমিটিৰ লগত আলোচনা কৰি সেই ঘৰটিত অস্থায়ী ভাৱে নিকেতনৰ কাম আৰম্ভ কৰিবলৈ ঠিৰাং কৰিলে। চাৰিওফাল চাফ চাফাই আৰু কিছু মেৰামতি কৰাৰ পিছত ঘৰটি ব্যৱহাৰৰ উপযোগী হৈ পৰে আৰু কিছুদিনৰ পিছত এই ঘৰটিতে বিদ্যালয়ৰ কাম আৰম্ভ কৰা হয়।
নতুনকৈ স্থাপিত হোৱা বিদ্যালয় এখনত ছাত্ৰ-ছাত্ৰী অনাটো এক কঠিন কাম। আমাৰ নিকেতনৰ নীতি আদৰ্শৰ কথা ৰাইজৰ ম৷জত প্রচাৰ কৰিছিলো। ৰাইজৰ ফালৰ
পৰাও আমি উৎসাহজনক সহাৰি পাইছিলো ৷ এই ক্ষেত্ৰত আচাৰ্য-আচাৰ্যা সকলেও যথেষ্ট চেষ্টা চলাইছিল। ফলত আমি বহু কম দিনত বহু বেছি সংখ্যক ছাত্ৰ-ছাত্ৰী পাইছিলো। প্রথম বছৰত অংকুৰ শ্ৰেণীত ৪৫ জন ছাত্ৰ-ছাত্ৰী নাম ভৰ্ত্তি কৰিছিল। পিছৰ বছৰবোৰত এই সংখ্যা বৃদ্ধি পাই গৈছিল। বৰ্তমান প্রায় ছাত্ৰ-ছাত্ৰী আচাৰ্য-আচাৰ্যা ও নিকেতনৰ নামত স্থায়ী ভূমি আৰু ঘৰ হৈছে। ঘিলামৰা শংকৰদেৱ শিশু নিকেতন এক পূৰ্ণাঙ্গ নিকেতনৰ ৰূপ লৈছে।
শেষত মোৰ কাৰ্যালয়ত মোক সৰ্বতো প্রকাৰে সহায়ৰ হাত আগবঢ়োৱা ও নিকেতনৰ উন্নতিৰ হকে কাম কৰা মোৰ জ্ঞাত-অজ্ঞাত সকলো ব্যক্তিলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।
সদৌ শেষত ঘিলামৰা শঙ্কৰদেৱ শিশু নিকেতনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ প্ৰতিবেদন ইমানতে সামৰণি মাৰিলো । 22
শ্ৰদ্ধাৰে-- খ্ৰী বাবুলাল আগৰৱালা প্রতিষ্ঠাপক সম্পাদক, ঘিঃ শঃ শিঃ নিকেতন।
মোৰ অনুভৱ % জীমতী দীপালী বৰুৱা নৰ্থ বেংক কলেজ।
“বিদ্যানাম নৰস্য ৰূপ সধিকং প্ৰচ্ছন্ন ওপ্ত ধনম্ বিদ্যা ভোগকৰী যশঃ দুখকৰী বিদ্যা গুৰুণাং গুৰু বিদ্যা বন্ধুজানা বিদেশ গমনে বিদ্যা পৰং দৈৱতম বিদ্যা ৰাজসু পূজিতা নতুধনং বিদ্যা বিহীনং পশুঃ” সৰু কালত দেউতাৰ মুখত ওপৰোক্ত সংস্কৃত শ্লোকটো শুনি বিদ্যাৰ অপাৰ মহিমাৰ কথা বুজি বিদ্যা শিক্ষা অৰ্জন কৰি আনক সেই বিদ্যা বিলাই দিবলৈও প্রৱল ইচ্ছ| জাগ্ৰত হৈছিল। সেয়েহে ![. /$. পাচ কৰাৰ পাছত অন্য চাকৰিলৈ যত্ন নকৰি শিক্ষব চাকৰিগ্ৰহণ কৰে৷ ৷ কিন্তু বৰ্তমান যান্ত্ৰিক যুগত শিক্ষাৰ বৌদ্ধিক, আধ্যাত্মিক আৰু নৈতিক অৱক্ষয়ে মোক হতাশ কৰি তুলিছে। বৰ্তমান যান্ত্ৰিক শিক্ষাই এজন ছাত্ৰক সু-নাগৰিক কৰাৰ পৰিৱেৰ্তে ডিগ্ৰী গ্ৰহণ কৰি চাকৰিমুখী হ’বলৈহে উৎসাহ যোগায় ৷ প্রাচীন ভাৰতীয় শিক্ষাত এজন ছাত্ৰই বাৰ বছৰ গুৰু গৃহত থাকি বৌদ্ধিক, আধ্যাত্মিক, নৈতিক, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি স্নাতক হৈ এজন প্রকৃত সু নাগৰিক ৰূপে প্ৰ হৈছিল। গুৰু গৃহত গুৰুৰ প্রতি থকা অসীম শ্ৰদ্ধাই শিষ্য সকলক গুণী-জ্ঞানী যথেষ্ট সহায় কৰিছিল। সত্যকাম, উপমন্যু, একলব্য আদি ছাত্ৰৰ গুৰুৰ প্রতি থকা শ্ৰদ্ধ আজিও স্মৰণীয়। ১৯৫২ চনত প্রাচীন ভাৰতীয় সংস্কৃতিৰ আধাৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই তেওঁলোকৰ পতাকাৰ তলত এক অনুষ্ঠানৰ জন্ম দি ভাৰতৰ বিভিন্ন প্ৰদেশত সেই? সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ জনৰ নামত স্কুল খুলিবলৈ সিদ্ধান্ত লয়। সি পিছৰ কালত বি ভাৰতী নামে জনাজাত হয়। সেই মৰ্মে ১৯৭৯ চনত অসমৰ প্রধান আধ্যাত্মিক গুৰ মহাপুৰুষ খ্ৰী জ্ৰী শংকৰদেৱৰ নামত কেইখনমান জিলাত শংকৰদেৱ শিশু নামেৰে কিছুমান স্কুল স্থাপন কৰা হয় য’ত ইংৰাজী, অসমীয়াৰ লগতে সংস্কৃত এটা বাধ্যতামূলক ভাষা হিচাপে শিকোৱা হয়। শিশু নিকেতনৰ নীতি নিয়ম বিলাক আৰু বাধ্যতামূলক ছাত্ৰ-ছাত্ৰীৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰী সকলৰে ইউনিৰ্ফম যিটো অসমৰ সকলো বিলাক শিশু নিকেতনতে প্রযোজ্য ৷ শিশু নিকেতন বিলাকৰ স্তৰৰ সমাৰোহ, প্রতিযোগিতা তথা প্ৰশিক্ষণ বিলাকত শিক্ষক ছাত্ৰ সকলোৱে পৰি -=২০
কৰা একে সাজ-পোছাকে তেওঁলোকৰ মাজৰ আত্নীয়তা অধিক গাঢ় কৰে আৰু অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াই তোলে।
শিশু নিকেতন বিলাকত বৌদ্ধিক, শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ ওপৰত গুৰত্ব দিয়া হয় যাক পঞ্চমুখ নামেৰে জনা যায়। পিতৃ, মাতৃ আৰু শিক্ষা গুৰুৰ প্ৰতি শ্ৰদ্ধাবান হ’বলৈ প্রত্যেক ছাত্ৰক উপযুক্ত শিক্ষা প্ৰদান কৰিবলৈ যৎপৰোনস্তি চেষ্টা কৰা হয় যিটো এখন সুস্থ সমাজৰ বাবে অপৰিহাৰ্য । সৰুতে ল’ৰা-ছোৱালীক শিকোৱা শিক্ষাই সিহঁতৰ গোটেই জীৱনটোতে সুদূৰ প্রসাৰী প্রভাৱ পেলায়। শিশু নিকেতনৰ পৰা নৈতিক শিক্ষাৰে শিক্ষিত হৈ যোৱ| ছাত্ৰই পিছৰ কৰ্ম জীৱনত অনৈতিক কাম কৰিবলৈ অলপ হলেও বিবেক দংশনত ভোগিব। কালক্ৰমত যথেষ্ট সংখ্যক স্কুল স্থাপন কৰি এক বুজন সংখ্যক নৈতিক শিক্ষাৰে শিক্ষিত ছাত্ৰক গঢ় দিব পাৰিলে আমি এক নতুন দু্নীতিমুক্ত সুস্থ সমাজ পাবলৈ আশা কৰিব পাৰো।
লক্ষীমপুৰৰ পৰা ঘিল৷মৰালৈ বাছত অহা যোৱা কৰি থকা সময়ত ১৯৯৭ চনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অফিচৰ ওচৰত শংকৰদেৱ শিশু নিকেতনৰ নাম ফলক এখন দেখি মোৰ বৰ আনন্দ লাগিছিল। মোৰ অনুভৱ হৈছিল যে ঘিলামৰাটো বৌদ্ধিক, নৈতিক, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কিছু ছাত্ৰ-ছাত্ৰীক গঢ় দিব পৰা যাব বুলি মই সদায় আশাবাদী বহুতো উঠি অহা ছাত্ৰ-ছাত্ৰীৰ নৈতিক অধঃপতন আৰু বিকৃত ৰুচি দেখি কিদৰে তেওঁলোকক সৎ পথলৈ ঘূৰাই আনি সুস্থ কৰিব পৰা যায়, সেই কথা চিত্ত৷ কৰিছিলো। সেইবাবেই লক্ষীমপুৰত থাকোতে ‘বালবিকাশ কেন্দ্ৰৰ যোগেদি কিছু ছাত্ৰ-ছাত্ৰীক নাচ-গান, অভিনয়, খেল-ধেমালিৰ মাজেদি নৈতিক শিক্ষা দিবলৈ যত্ন '_ কৰিছিলো। সেই ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমান যাৱতীয় শিক্ষা সম্পূৰ্ণ কৰি বিভিন্ন স্থানত পাৰদৰ্শিতা দেখুৱাই নিজকে সু-নাগৰিক ৰূপে প্রতিষ্ঠিত কৰিব পাৰিছে। মই আশা ৰাখিছো সেইদৰে শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলেও নিৰ্দিষ্ট সময়ত সু-শিক্ষাৰে শিক্ষিত হৈ নৈতিক দিশত বলীয়ান হৈ সমাজত সু-নাগৰিক ৰূপে পৰিচয় দিব পাৰিব। ১৯৭৯ চনতে অসমত ৰোপন কৰা সুফলদাতা শিশু নিকেতন ৰূপী গছবোৰে সময়ত ৰাইজৰ মৰমৰ সাৰ পানী পাই সুমিষ্ট ফল দিবলৈ আৰম্ভ কৰিছে। তাৰ প্রমাণ হাইস্কুল শিক্ষান্তফলাফলেই ৷ চৰকাৰৰ অকনো সহায় নোলোৱাকৈ শিশু নিকেতনৰ ছাত্ৰই প্ৰথম কুৰিটাৰ ভিতৰত বুজন সংখ্যক স্থান পোৱাটো উল্লেখনীয় । নৈতিক শিক্ষাৰে শিক্ষিত এই ছাত্ৰ-ছাত্ৰী বোৰে বিভিন্ন ক্ষেত্র পাৰদৰ্ণিতা লাভকৰিঅনাগত দিনত অসম তথা ভাৰতৰ শৈক্ষিক, সামাজিক,ৰাজনৈতিক, আমোলাতান্ত্রিক গাঠনিত অভূতপূৰ্ব পৰিবৰ্তন সাধি নতুন ৰূপ দিব বুলি মোৰ অনুভৱ।-১০
প্রাথমিক শিক্ষাৰ গুণগত দিশ
/ শ্ৰীমতী কল্পনা কলিতা, নৰ্থ বে্ষনথবিল্যলয় লা
শিক্ষা হৈছে এজন ব্যক্তিৰ ব্যক্তিত্বৰ গঠন আৰু বিভিন্ন সামাজিক প্রয়োজ৷ পূৰণৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান শিক্ষাক ব্যক্তিৰ বিকাশ আৰু সামগ্ৰীৰ অতি উৎকুষ উৎস বুলি ক’ব পাৰি। বিশেষকৈ প্রাথমিক শিক্ষাক পৰৱৰ্তী জীৱনত প্ৰৱেশ কৰাৰ অঙি লাগতিয়াল অনুমতি পত্ৰ বুলি কব পাৰি, যাৰ ওপৰত পৰৱৰ্তী শিক্ষা আৰু জীৱনৰ মাম নিৰ্ভৰ কৰে।
এইপ্ৰাথমিক শিক্ষা আনুষ্ঠানিক ভাৱে আৰম্ভ হয় ৬ বছৰৰ পৰা। এই সময়ছোৱাৰ শিক্ষাৰ প্ৰকৃত সময় বুলি কোৱা হয়। প্রাথমিক শিক্ষা মানৱ জীৱনৰ সকলো ভেটি স্বৰূপ। এই শিক্ষা সুন্দৰ আৰু সুচাৰু ৰূপে দিব নোৱাৰিলে জীৱনৰ প্রকৃত ফলৱতী নহব। শিশুৰ শাৰিৰীক আৰু মানসিক পৰিবৰ্ত্তনৰ এই সময় ছোৱাও বাধ্যত৷ মূলক ভাৱে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰাটো অতি প্রয়োজনীয় ৷ এজন শিশুৰ ভৱিষ্যত উন্নয়ন প্ৰাথমিক স্তৰৰ উপযোগী শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰিছে। প্ৰাথমিক স্তৰত বিক হোৱা বিভিন্ন দিশৰ দক্ষতা, মূল্যবোধ, বিশ্বাস আদি গুণবোৰ শিশুৰ সুন্দৰ ব্যক্তিত্ব গঠ আৰু ভৱিষ্যত কৃতকাৰ্যতাৰ অতি তাৎপৰ্য্য পূৰ্ণ উপাদান বুলি কব পাৰি। ব্যক্তি আৰ সমাজৰ কল্যান সাধনৰ বাবে শিশুৰ সৰ্বাত্মক বিকাশ সাধন কৰিব পৰাকৈ প্রাথমিক শিক্ষাৰ গুণগত দিশৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্রয়োজনীয় বুলি ভবা হৈছে।
সকলো শিশুৰ সম্ভাৱনীয়তা সমূহৰ উৎকৃষ্ট বিকাশ সাধন কৰি এজ
পুৰণ কৰি সম্ুষ্টি প্ৰদান কৰিব পাৰে। প্রাথমিক শিক্ষাৰ গুণগত দিশ বুলি ক’লে প্ৰত্যেক শিশুৰ অন্তনিৰ্হিত শক্তি, সামৰ্থ, দক্ষতাৰে পূৰ্ণ বিকাশ কৰিব পৰা শিক্ষাকে বুজিব লাগিব।
১২০
পূৰ্বতে শিক্ষা বুলি ক’লে বুদ্ধি বৃত্তিৰ চৰ্চা আৰু বিকাশকে বুজা গৈছিল। কিন্তু বৰ্তমান এই ধাৰণা সলনি হৈছে জীৱনৰ মূল উপাদান সমূহক উপেক্ষা কৰি প্রদান কৰা শিক্ষা বাস্তৱিকতে কৃত্ৰিম আৰু শিশুৰ বিকাশৰ বাবে সম্পূৰ্ণ ব্যৱস্থা নহয়। এজন শিশুক শিশু হিচাপে মৰ্যাদা প্রদান কৰি শিশু প্ৰকৃতিক সম্পূৰ্ণ ৰূপে গুৰুত্ব দি শিক্ষা দিব লাগিব। 00811 1189 0620} ০%66081৮ণ]) 0281060. 0) ]>০"%1]6) 2, ৪1] (1994) 85, "%1০60]]8" }১%০০০০]]8 3110 02181] 01]8 ০05001]121"95 11668 81000 680260080101]9 [|] 116 1500801001] 1181 01692 11660 8000 01981169 1] গে]311862 0ঘ৮ণ্লে ]1]162." ৰ
বৰ্তমান আমাৰ দেশত বিশেষকৈ অনুন্নত গাওঁ অঞ্চলত থকা প্রাথমিক স্কুলবোৰে সমাজৰ আশা আকাংক্ষা ভালদৰে পূৰাব পৰা নাই। স্কুলৰ বৈষয়িক আৰু শৈক্ষিক পৰিৱেশৰ দুৰৱস্থাৰ হেতুকে ল’ৰা-ছোৱালীয়ে শিক্ষা সম্পূৰ্ণ কৰাৰ আগেয়ে বহুতে স্কুল এৰি দি প্রাথমিক শিক্ষাৰ এক বিৰাট অপচয়ৰ সৃষ্টি কৰিছে। ইয়াৰ প্রধান কাৰণ হৈছে শিশুৰ মন আকৰ্ষণ কৰিব পৰাকৈ স্কুলত মানসিক স্বাস্থ্য ৰক্ষা ব্যৱস্থাৰ অভাৱ অতিমাত্ৰা অনুশাসন ব্যৱস্থা, শিক্ষক ছাত্ৰৰ মাজৰ সম্পৰ্ক আৰু সহানুভূতিৰ অভাৱ, ব্যক্তি পাৰ্থক্যৰ প্রতি অৱহেলা, পৰীক্ষাৰ ফলাফলৰ ওপৰত গুৰুত্ব দিয়া, স্বাধীনতাৰ অভাৱ, আজৰি সময়ৰ সদৃ ব্যৱহাৰ আৰু গঠন মূলক ক্ৰিয়া-কলাপৰ বাবে খেলা-ধূলাৰ অভাৱ আদিয়ে মানসিক স্বাস্থ্য নষ্ট কৰে।
প্রাথমিক শিক্ষাৰ গুণগত দিশৰ উন্নয়নৰ প্রতি বৰ্তমান অভিভাৱক সকল, শিক্ষকসকল আৰু ৰাষ্ট্খনো যথেষ্ট সচেতন হৈ পৰিছে। সাৰ্বজনীন, বাধ্যতামূলক নামভৰ্ত্তিকৰণ, শিক্ষাৰ ক্ষেত্ৰত যথোচিত ব্যয়, ছাত্ৰ উপযোগী মৌলিক পাঠ্যক্ৰম, আন্তগাঁঠনি মূলক সা-সুবিধা, মানসিক স্বাস্থ্যৰক্ষা, সামাজিক কল্যান সাধন আৰু যোগ্যতা আহৰণ'ইত্যাদিবোৰ শিক্ষাৰ অতি উল্লেখযোগ্য দিশ।
আমাৰ দেশৰ প্রাথমিক শিক্ষাত বিভিন্ন গুণগত দিশবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছে। বিভিন্ন শৈক্ষিক কাৰ্যসূচীৰ যোগেদি সকলো শিশুৰ শিক্ষাৰ সুবিধা দি শিশুৰ সামৰ্থৰ উপযোগী বিকাশ কৰাৰ প্রচেষ্টা চলোৱা হৈছে। ব্যক্তি আৰু সমাজৰ কল্যান সাধনৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰই বিভিন্ন সমিতি, আয়োগ আদি গঠন কৰিছে, বিভিন্ন আঁচনিৰ জৰিয়তে প্রাথমিক শিক্ষাৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি ক্ৰমান্বয়ে ইয়াৰ গুণগত উন্নয়নৰ ব্যৱস্থা কৰিছে। প্ৰাথমিক শিক্ষাৰ মূল ভেটি সুদৃঢ় কৰিবৰ বাবে শিক্ষা পৰিকল্পনা সমূহত নানা ধৰণৰ জল্পনা-কল্পনা কৰাও পৰিলক্ষিত হৈছে।
২০
প্রীথমিক শিক্ষাৰ মূল ভেটি সুদৃঢ় কৰিবলৈ হ’লে ইয়াক সকলোৰে বাবে উপযোগী কৰি তুলিব লাগিব। ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হোৱা ভাৰতৰ সংবিধানে শিক্ষাক ব্যক্তিৰ প্ৰাথমিক অধিকাৰ বুলি চিহ্নিত কৰিছে। স্বাধীন চৰকাৰে সংবিধান প্রদন্ত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক স্পষ্ট নিৰ্দেশ দিছে যে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত ভাৰতৰ সকলো ৰাজ্যতে প্রাথমিক শিক্ষাক বিনামূলীয়া, বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাত চৰকাৰে মনোযোগ দিব লাগে। ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ মতে সংবিধান কাৰ্যকৰী কৰাৰ পৰা ১০ বছৰৰ ভিত্ৰত ৬-১৪ বছৰ বয়সৰ ভিতৰৰ সকলো ল’ৰা ছোৱালীকে ৰাজ্য চৰকাৰে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্রদান কৰিব লাগিব। কিন্তু ১৯৬০ চনলৈ এই লক্ষ্য আংশিক ভাৱেহে পূৰণ হ’ল। কোঠাৰী আয়োগৰ মতে প্রয়োজনীয় অৰ্থৰ অভাৱ, উচ্চ হাৰত বৃদ্ধি পোৱা জনসংখ্যা, স্ত্ৰী শিক্ষাৰ প্ৰতি অভিভাৱকৰ অনীহা,দৰিদ্রতা, পিতৃ-মাতৃৰ নিৰক্ষৰতা আৰু উদাসীনতা আদিয়ে ইয়াৰ ব্যৰ্থতাৰ কাৰণ।
৬-১৪ বছৰৰ সকলো শিশুক বিনামুলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ দীয়িত্ব। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগৰ মতে ই ব্যক্তিৰ কৰ্মদক্ষতা আৰু দেশৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজন৷ আয়োগৰ মতে সাংবিধানিক নিৰ্দেশ অনুযায়ী দিব লগা সাৰ্বজনীন শিক্ষাৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে প্রাথমিক শিক্ষাত ঘাইকৈ ৩ টা দিশ পৰিলক্ষিত হয়-_ (১) বিদ্যালয়ত সাৰ্বজনীন শিক্ষা ব্যৱস্থাৰ সুবিধা প্রদান কৰা। (২) ল’ৰা-ছোৱালীৰ সাৰ্বজনীন নামভৰ্ত্তিকৰণ। (৩) সকলে৷ ল’ৰা-ছোৱালীক শিক্ষা শেষ নকৰালৈকে বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা।
১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্রাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে বিভিন্ন প্রচেষ্টা হাতত লোৱা হয়। আনন্দমুখৰ পৰিৱেশত যাতে শিশুসকলৰ সৰ্বাত্মক বিকাশ হ'ব পাৰে তাৰ বাবে সুষম খাদ্য, স্বাস্থ্য, সামাজিক, মানসিক আৰু শাৰিৰীক দিশৰ বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। আগতীয়া বাল্যকালৰ তত্বাৱধান আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰীক হ’ব আৰু ইয়াক ক্ৰীড়াভিত্তিক, ব্যক্তিমুখী কৰি তোলা হ'ব। আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্রত স্থানীয় সম্প্ৰদায় সমূহকো জড়িত কৰিব। সাধাৰণ ভাৱে প্রাথমিক শিক্ষা আৰু মানৱ সম্পদৰ বিকাশৰ বাবে শক্তিশালী উপাদান হাতত লোৱা হ’ব বুলিও শিক্ষানীতিত কোৱা হয়। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত দুটা দিশৰ ওপৰত গুৰুত্ব দিয়া হ’ব।--
(১) সাৰ্বজনীন নামভৰ্ত্তি কৰণ আৰু ১৪ বছৰ বয়সলৈ শিক্ষানুষ্ঠানত উপস্থিতি।
(২) শিক্ষাৰ গুণগত দিশৰ বিষয়াত্মক উন্নীত কৰণ।
২৯
সেই অনুসৰি পাঠ্যক্ৰমৰ উপযোগীকৈ এই সময়ছোৱাতে ‘অপাৰেচন ব্লেকবোৰ্ড" আঁচনিৰ যোগেদি স্কুল বিলাকত সকলো সা-সুবিধাৰ যোগান ধৰিছিল। ভাৰতৰ প্রাথমিক বিদ্যালয়বোৰত সকলো সময়তে উপযোগীকৈ শ্ৰেণী কোঠা, ব্লেকবোৰ্ডু মানচিত্ৰ আৰু অন্যান্য শিক্ষণীয় সা-সজুঁলিৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। এই আঁচনিৰ যোগেদি প্ৰত্যেক বিদ্যালয়তে মহিলা শিক্ষয়িত্ৰীকে ধৰি মুঠ দুজন শিক্ষকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। প্রাথমিক শিক্ষকক চাকৰিকালীন আৰু প্ৰাক্ চাকৰিকালীন প্ৰশিক্ষণ দিবৰ বাবে জিলা শিক্ষা আৰু প্ৰশিক্ষণ অনুষ্ঠান ([)]]7']') প্রতিষ্ঠা কৰা হৈছিল। ১৯৯৪ চনৰ জিলা প্রাথমিক শিক্ষা আঁচনি (1)}0];}>) খনেও প্রাথমিক শিক্ষাৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। সেয়ে কেন্দ্ৰীয় চৰকাৰে ১৯৯২-৯৩ চনৰ ৫২ তম্ বৈ৪000081 98070])16 50196) আৰু ১৯৯৮-৯৯ চনৰ ]খ31001]8] ]79[]]}]ঘ 3110 ]]69]{}] ও0[- ০ ৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্রাথমিক শিক্ষাক সাৰ্বজনীন কৰি তুলিবৰ বাবে ৬-১৪ বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীকে প্রাথমিক শিক্ষা প্রদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি সৰ্বশিক্ষা আঁচনি গৃহীত কৰে। ভাৰতীয় সংবিধানৰ ৯৩ তম্ সংশোধনী অনুসৰি প্রাথমিক শিক্ষা গ্ৰহণ সকলোৰে মৌলিক অধিকাৰ (]70010811160118] ]২181}{) হিচাপে ঘোষণা কৰি ১৯৯৯ চনতে ‘সৰ্বশিক্ষা অভিযান মিচন’নামৰ এখন অভিলাষী আঁচনি প্রস্তুত কৰে। ২০০১ চনৰ পৰা কাৰ্যকৰী হোৱা আঁচনিখন বৰ্তমানেও চলি আছে।
সৰ্বশিক্ষা আঁচনিখনৰ মাধ্যমেৰে ৰাজ্যবোৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন আৰু গুণগত কৰি তোলাৰ বাবে স্ব-দৃষ্টিৰ উন্নতি সাধন কৰাৰ সুবিধা লাভ কৰিব পাৰিব। সমগ্ৰ ভাৰতবৰ্ষত গঢ় লৈ উঠা গুণগত প্রাথমিক শিক্ষাৰ দাবীৰ প্রতিক্রিয়া হিচাপে এই আঁচনিৰ উদ্ভৱ হৈছে। এই অভিযানৰ মূল লক্ষ্য হ’ল ২০১০ চনৰ ভিতৰত ৬-১৪ বছৰৰ সকলো শিশুকে উপযোগী আৰু যুক্তিযুক্ত প্রাথমিক শিক্ষা প্ৰদানেৰে আঞ্চলিক আৰু লিংগ বৈষম্য দূৰ কৰাৰ ব্যৱস্থা কৰিব। এই অভিযানে পাঠ্যক্ৰম, শিশুকেন্দ্ৰীক কাৰ্যাৱলী আৰু ফলপ্ৰসু শিক্ষাদান আহৰণৰ কৌশল উন্নত কৰণৰ দ্বাৰা প্ৰাথমিক শিক্ষা পৰ্যায়টোক ব্যৱহাৰিক আৰু যুক্তিসংগত কৰি তোলাত গুৰুত্ব দিব। বিভিন্ন শৈক্ষিক কাৰ্যসূচী, পাঠ্যক্ৰম আৰু শিক্ষাত বিত্তৰ যোগানেৰে প্রাথমিক শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন চৰকাৰী প্রচেষ্টা এতিয়াও অব্যাহত আছে যদিও প্রাথমিক শিক্ষাৰ গুণগত মানদণ্ড আশানুৰূপ ভাৱে হৈছে বুলি আমি ক’ব নোৱাৰো।
উপযুক্ত গুণসম্পন্ন প্ৰাথমিক শিক্ষাই শিশুক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি তোলে। এটা সুস্থ পৰিৱেশত সামাজিক জীৱনৰ সকলো গুণ, মূল্যবোধ আয়ত্ব কৰিব পৰাকৈ
ব্যক্তিক গঢ়ি তুলিব পাৰিলেহে শিক্ষাই সমাজৰ কল্যান সাধন কৰিব পাৰিব। পাৰ্টী নান মতে জন্মজ সম্ভাৱনা সমূহৰ পূৰ্ণ বিকাশ হলেহে সমাজৰ উন্নতি হ’ব। শিক্ষাৰ উদ্েশ্ ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। সামাজিক জীৱনৰ গুণাগুণ আৰু মানদণ্ডই শিক্ষাৰ গুণগত মানদণ্ড নিৰ্দ্ধাৰণ কৰে। এজন শিশুৰ অ্্তনিহিত প্রতিভা সমূহ বিকশিত বৰ ভৱিষ্যতৰ বাবে একোজন মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ প্রাথমিক স্তৰত বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিব লাগিব| স্কুলত সহঃশিক্ষাৰ ব্যৱস্থা কৰা, বিভিন্ন সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ জৰিয়তে শিশুৰ সৃজনশীলতাৰ বিকাশ কৰা আৰু শাৰীৰিক, মানসিক, সামাজিক বিকাশৰ বিভিন্ন কাৰ্যসূচীৰ ব্যৱস্থা কৰাটো প্রয়োজন। তাৰোপৰি শিক্ষক ছাত্ৰৰ মাজৰ সহযোগীতা মূলক সু-সম্পৰ্ক, স্তী শিক্ষাৰ ওপৰত অধিক গুৰত্ব প্রদান, কাৰিকৰী শিক্ষাৰ প্রাথমিক জ্ঞান, কাৰ্যকৰী শিক্ষণ ব্যৱস্থা, কাৰিকৰী শিক্ষাৰ প্রাথমিক জ্ঞান, কাৰিকৰী শিক্ষণ ব্যৱস্থা, ব্যৱহাৰিক পাঠক্ৰম, পৰ্যাপ্ত পুঁজিৰ যোগান, আন্তঃগাঁঠনিমূলক উন্নয়ন পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ সু- পৰিচালনা আৰু উপযুক্ত সাংগঠনিক ব্যৱস্থাও হৈছে প্ৰাথমিক শিক্ষাৰ গুণগত দিশ।এই বিভিন্ন দিশবোৰ সকলো ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ শিক্ষাৰ এই প্ৰাথমিক স্তৰত প্রতিফলিত হ’লেহে প্ৰাথমিক শিক্ষাই গুণগত উন্নয়ন লাভ কৰিব পাৰিব। ৰাষ্ট্ৰ ভৱিষ্যত নিৰ্ভৰ কৰে উঠি অহা ল'ৰা-ছোৱালীবোৰৰ সামগ্ৰীক বিকাশৰ ওপৰত। প্রাথমিক শিক্ষাৰ ক্ষেত্রত দেখা দিয়া.বিভিন্ন অসুবিধা আৰু সমস্যাবোৰে স্বাভাৱিকতে ইয়াৰ গুণগত উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। বিভিন্ন চৰকাৰী আঁচনিসমূহো সঠিকভাৱে কাৰ্যকৰী হোৱা দেখা নাযায়। প্রাথমিক শিক্ষাৰ বিভিন্ন সমস্যাবোৰ আঁতৰ কৰি বাধ্যতামূলক, বিনামূলীয়া উচ্চ মানবিশিষ্ট প্রাথমিক শিক্ষাৰ জৰিয়তে প্ৰত্যেক ছাত্ৰ: ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰিলেহে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ উন্নতি আশা কৰিব পাৰি। সেয়ে সমাজ আৰু ব্যক্তিৰ কল্যান সাধনৰ উদ্দেশ্যে প্রাথমিক শিক্ষাক গঢ়ি তুলিবলৈ হ’লে ৰাষ্ট্ৰৰ লগতে সমাজ, পিতৃ-মাতৃ, অভিভাৱক সকলৰ সচেতনতা আৰু মনোযোগ অতি উল্লেখযোগ্য ।20
এটি শিশু উত্তৰণৰ অমোথ মন্ত, নৈতিক শিক্ষাঃ
৷৷ শ্ৰী অতুল বৰন্বা, সাংবাদিক আমাৰ অসম।
শিক্ষানুষ্ঠান, স্কুল, বিদ্যালয়,নিকেতন, বিদ্যাপীঠ, টোল ---যি নামেৰেই নামকৰণ নকৰো কিয় ইয়াৰ অৰ্থ হ’ল জ্ঞানৰ মন্দিৰ৷ কিতাপেই হ’ল জ্ঞানৰ শ্ৰেষ্ঠ ভঁৰাল । ঘৰখনেই হ’ল এটি শিশুৰ প্ৰথম পঢ়াশালি। পৰিৱেশেই হ’ল এটি শিশুৰ চৰিত্ৰ গঠনৰ আদিপাঠ। এটি শিশু প্রকৃত মানুহ হিচাপে গঢ় দিয়াৰ অমোঘ মন্ত হ’ল নৈতিক শিক্ষা । এটি শিশুৰ সৰ্বাংগীন উৎকৰ্ব সাধন হ’বলৈ হলে অন্য সকলো কথাৰ লগতে নৈতিক দিশটোও বিশেষ ভাৱে গুৰুত্বপূৰ্ণ ৷ বৰ্তমান সমাজ ব্যৱস্থাত সমাজখনে যি উশৃংখলতাৰ দিশে গতি কৰিছে এই সময়ত আমি আমাৰ শিশু সকলক ঘৰতেই হওঁক বা বিদ্বলয়তে হওঁক নৈতিক শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। নৈতিকতাৰ অবিহনে সমাজ ধংস হোৱাতো অনিবাৰ্য। আজি কালি বহু পিতৃ-মাতৃয়ে সন্তানৰ অধ্যয়ন বিমুখিতাক লৈ চিন্তিত হয়। সন্তান সকল পঢ়া-শুনাত অমনোযোগী হোৱাৰ মূল কাৰণ হ’ল নৈতিক চৰিত্ৰৰ প্ৰভাৱ । আনহাতে পৰিৱেশৰ বাবেই বহু শিশুৱে চৌৰ্য বৃত্তি গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। সৰু অৱস্থাতেই যদি নৈতিক দিশৰ প্রভাৱ পেলাব নোৱাৰে তেনেহলে ভৱিষ্যৎ দিনত এই শিশু সকলে অনৈতিক কাৰ্য কৰিবলৈ কুপিত নহ’ব। গতিকেই ঘৰখনৰ লগতে স্কুলতো শিশু সকলক নৈতিক আচৰণৰ বিষয়ে জ্ঞান দিয়াতো বাধ্যতামূলক বিষয় হিচাপে চিহ্নিত হৈছে। আমি নিকেতনৰ আচাৰ্য হিচাপে কেইটামান বছৰ অতিবাহিত কৰোতে দেখিছিলো নিকেতনৰ নৈতিক শিক্ষাৰ প্রতি গুৰুত্ব দিয়া হয় যদিও আমি আচাৰ্য সকল কিমান দূৰ নৈতিক শিক্ষাৰে শিক্ষিত। শিক্ষকতা মাথোঁ বৃত্তিয়েই নহয়, ই এক মহান ব্ৰত । আমাক সৰুতে ঘৰত কোৱা হৈছিল শিক্ষকক দেখিলে প্ৰণাম কৰিব লাগে, চাইকেলত গলে চাইকেলৰ পৰা নামি দিব লাগে, ছাতিলৈ গলে শিক্ষকৰ আগত চাতি জপাই দিব লাগে। নাম ঘৰ, মঠ মন্দিৰৰ আগেৰে গ’লে প্রনাম জনাব লাগে৷ বৰ্তমান অৱস্থাত আমি বা আমাৰ ছাত্ৰ-ছাত্ৰী সকলে
|
এনেবোৰ আচৰণ কৰেনে। মই আচাৰ্যৰ দায়িত্বত থকাৰ সময়ত নিকেতনত আচৰণ আৰুচৰিত্ৰ পাঠ অনুকৰণ কৰা ছাত্ৰ-ছাত্ৰীসকলে অন্য বিদ্যালয়ত পঢ়িবলৈ
পাছতেই নিকেতনৰ আচৰণবোৰ পাহৰি পেলালে ইয়াৰ মূল কাৰণ হল আচাৰ্য । নৈতিক ভাৱে সফল নহয়। শিশুৰ নৈতিক চৰিত্ৰ গঠনত বহু কেইটা বৈশিষ্টই ধৰ পেলায়।ইয়াৰ ভিতৰত মুখ্য কাৰক কেইটা হ’ল পৰিৱেশ জনিত, জিনগত, খাদ্য জিম গৰ্ভাৱস্থাত মাতৃৰ চিন্তা-চৰ্চা, অন্ধ অপত্য স্নেহ আৰুপ্ৰাচুৰ্যৰে ভৰাই তুলিব বিচৰা।শি৷ সকল সদায় অনুকৰণ স্ৰিয়, যেতিয়া এটি শিশু স্কুললৈ যাবলৈ আৰম্ভ কৰে। ভেজ্যি স্কুলৰ প্রতিটো কথাই অনুকৰণ কৰিবলৈ চেষ্টা কৰে। স্কুলত গৈ পোৱা সকলো কথা| কোন জন শিক্ষকে মৰম কৰে কোন জন শিক্ষকে খঙত থাকে, কোন জন ছাত্ৰৰ নামৰি কাৰ টিফিন কোনে কাঢ়ি খালে আদি সকলো কথা কোনো লুকঢাক নকৰাকৈ ঘৰত আৰ মুখস্থ মাতে। সেই অৱস্থাত শিশু শুদ্ধ-অশগুদ্ধতাৰ বিচাৰ নাথাকে। আমাৰ কৰ্তব্য
ওপৰত ইয়াৰ প্রভাৱ বাৰুকৈ পৰে। বহুক্ষেত্ৰত সংকীৰ্ণ মনৰ মাক-দেউতাকে ভাৱে
ল’ৰাটো ভাল হওক আনবোৰ বেয়া হওক। এনে সংকীৰ্ণ চি্তা-ধাৰণাৰে নিজৰ ল'ৰাৰ ভাল কৰিবলৈ চালেও পৰিৱেশে কিন্তু ইয়াৰ সু-ফল নিদিয়ে । আগতেই উল্লেখ যে শিশু অনুকৰণ প্ৰিয় ৷ শিশুৱে অনুকৰণ কৰা সকলোবোৰ দিশৰ ওপৰত গুৰুত্ব কৰিইয়াৰ ভাল দিশটো প্ৰতি শিশুক আকৃষ্ট কৰিব লাগে। শিশুক বিভিন্ন উপায় অৱলঙ্ক কৰি যেনে- সাধুকথা, মহৎলোকৰ কাহিনী, নীতিবাক্য, গীত-মাত, খেল-ধেমালি আদি৷ যোগেদি নৈতিক শিক্ষা তথা জ্ঞান দিব লাগে ৷ যি নৈতিক শিক্ষাৰ দ্বাৰা এটি শিশুৱে অদুঃ ভৱিষ্যতে এটি নিৰ্ভুল গতিত অগ্ৰসৰ হৈ দেশৰ উন্নয়নৰ মঙ্গল বাদ্য বজাবলৈ সক্ষমহ'৷
পাৰে।০০ত
/* শ্ৰী অৰূপ জে. গগৈ, শিঙিয়া।
এখন নতুন ঠাইলৈ অহাৰ আগতে নতুন ঠাইখনত থকা চিনাকি মানুহবোৰৰ ঠিকনা ফোন নম্বৰ আদি যথাসম্ভৱ সংগ্ৰহ কৰি আনিব পাৰিলে অবাঞ্চিত বহুতো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। কিন্তু মোৰ ক্ষেত্ৰত তাৰ সম্পূৰ্ণ ওলোটাটোহে হ’ল। যিমান ততাতৈয়াকৈ আহিব লগা হ'ল সেইবোৰ খা-খবৰ লবৰ আহৰি ক’ত? অৱশ্যে চাকৰিটোৱেই তেনেকুৱা-- আজি যদি ডিব্ৰুগড়ত কাইললৈ গুৱাহাটীত, পৰহিলৈ হয়তো শিলচৰত নহয় গোৱালপাৰাত। এনেদৰেই দৌৰি আছো যোৱা আঠ-দহ বছৰ ৷ কি কৰিম কোম্পানীৰ চাকৰি? চৰকাৰী চাকৰি কপালতে নিলিখিলে ৷ প্ৰথম চাকৰিত ‘জইন’ কৰোতে বিভিন্ন ঠাই ফুৰিবলৈ পোৱাটো ভালেই লাগিছিল। কিন্তু এতিয়ালৈ আহি আহি এনেদৰে ঘূৰি- ফুৰাটো কিবা আমনিদায়ক লগা হৈছে। কেতিয়াবা ওপৰৱালাবোৰলৈ খং উঠে--- তলতীয়া সকলক দৌৰাই যেন ৰংহে চায়। খং উঠিলেও কৰ্তব্যৰ দায়ত, অনুশাসনৰ তাগিদাত নীৰৱে সহ্য কৰি থাকো। নকৰিও উপায় নাই-_ জইন কৰোতেই সন্মতি আদায় কৰি লয়। অন্যথা খালাচ।
কাহিলি পুৱাতেই আহি গুৱাহাটীত নাইট চুপাৰৰ পৰা নামিলো ৷ হোটেল আগতেই ঠিক কৰি থোৱা আছিল। গতিকে ৰিক্সা এখন লৈ পোনে পোনে হোটেললৈকে গ’লো ৷ ৰিক্সাত যাওঁতে ভাবিলো--- মুখ হাতবোৰ ধুই-- চাহকাপ খায়ে অলপ ৰেষ্ট লম। অফিচিয়েল কামত আজিয়ে খৰধৰ নকৰিলেও চলিব ৷ যিহেতু ইয়াত অলপ দীঘলীয়াকৈয়ে থাকিব লাগিব। হেড্ অফিচৰ পৰা যিখন অৰ্ডাৰ আহিছে তাত স্পষ্টকৈয়ে উল্লেখ আছে যে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত গুৱাহাটী অফিচতে থাকিব লাগিব। সেয়ে ভাবিছো কিছুদিন চাগৈ দীঘলীয়াই হ'ব।
২০
কৰি অফিচলৈ বুলি ওলাই গ’লো অফিচত যথাবিহিত নিয়মৰ কামখিনি কৰি ওলাই আহিলো।আৰুবিশেষ অফিচিয়েল কামনথকাত বস্তু কেইটামান কিনিবলৈ ডু গঢ়ি উঠা শ্বপিং মল এটালৈ গলো বস্তু কেইপদ কিনি ওলাই আহিলো। কাৰ পাৰি চিনাকি চিনাকি যেন লগা ছোৱালী এজনী দেখিলো। বৰকৈ চাই থাকিবলৈও বে ছোৱালীজনীয়েও মোৰফালে অকনমান সময় চাইছিল। কোন হ'ব পাৰে মনত পেলাব চেষ্টা কৰোতেই ক’লা ৰঙৰ ‘ট্রাভেৰা’ এখনত উঠি ছোৱালীজনী মোৰ কাযেৰেই পাৰ! গ’ল।গাড়ীখনৰ নম্বৰটো চালো। মনতে কেইবাবাৰো আওঁৰালো।
ৰাতি হোটেলৰ বিচনাত শুবলৈ দীঘল দিয়াৰ পৰত পাৰহৈ যোৱা দিনটো ঘটি যোৱা কথাবোৰ এটা এটাকৈ মনলৈ আহিল। সন্ধিয়া শ্বলিং মলত দেখা ছোৱালী্জ কোন হ’ব পাৰে? অৱশ্যে ছোৱালী বুলি কলে ভূল হ’ব-_ আচলতে বোৱাৰীজনী কৌ হ'ব পাৰে? কাৰণ প্রয়োজনতকৈ ডাঙৰ যেন লগা ৰান্ধনি বেলিৰ দৰে টিকটিকিয়া ৰ শিৰৰ সেন্দুৰ কণ স্পষ্টকৈয়ে চকুত পৰে। মোৰ মনটোৱে কৈছে সেইজনী কোনে৷ চিনাকি হ’বই লাগিব। কিন্তু কিয় জানো মনত পেলাবলৈ চেষ্টা কৰিও বাৰে বাৰেবা হ’লো? আকৌ ভাবিলো -অচিনাকি ঠাইত থাকিলে চিনাকি মানুহৰ সন্ধানত থকা মন বাবেও এনে হ'ব পাৰে নেকি? এনেয়েও পৃথিৱীত সাদৃশ্য থকা মানুহৰ কি আকা৷ পৰিছে। পাছ মুহুৰ্ততে ভাবিছো -_ ওঁহো যিয়েই নহওঁক বোৱাৰীজনী মোৰ চিনাকিয়ে হয়। মোৰ স্মৃতিয়ে মোক ইমান প্রতাৰণা নকৰে। ভাবি থাকোতে থাকোতে কেতিয়াঢ টোপনি গ’লো ক’বই নোৱাৰিলো।
গুৱাহাটীলৈ অহাৰ এদিন পিছৰ পৰাই অফিচৰ কামত সম্পূৰ্ণ ব্যস্ত হৈ পৰিলে যিহেতু মই ব্যক্তিগত কোম্পানী এটাৰ দায়িত্বপূৰ্ণ কৰ্মচাৰী সেয়ে কামৰ ক্ষেত্ৰত ইফাল সিফাল কৰাৰপ্রশ্নইনুঠে। তাতে কামৰ ক্ষেত্ৰত মোৰ এটা নাম আছে। যাৰ বাবে মোত ছিনিয়ৰ দুজনক ছেৰ পেলাই মোকপ্রদোন্নতি দিছে। এনেয়েও বছসকলক কামৰ জড়িয়ঃ সম্তুষ্ট কৰিব নোৱাৰিলে চাৰিওফালে যিহে মণ্ডাৱস্থা চলিছে কোনদিনা ছাটাই হয় কিঠিক
বিশেষ কাম এটাত শিলপুখুৰীত চিটি বাছৰ বাবে ৰৈ আছো। হঠাৎ জোৰে ব্ৰেক মাৰি কলা ৰঙৰ ট্রাভেৰা এখন ষ্টপেজটোৰ মূৰতে ৰৈ দিলে। গাড়ীখনলৈ লক কৰিলো, নম্বৰটো চালো। হয়, সেইদিনা সন্ধিয়া শ্বসলিংমলত দেখা গাড়ীখনেই হয় তেনেহ'লে মই ভবাটোৱেই হয় নেকি? মোৰ কোনোবা চিনাকি ছোৱালী য়েই হয়। অৱ গাড়ীৰ ভিতৰত কোন আছে চোৱাৰ উপায় নাই। কলা গ্লাছেৰে আৱৰা। মোৰ মনটো?
>
চিনাকি কাৰোবাৰ প্রতীক্ষাত উচপিচালে৷ কিন্তু মিছা হ’ল--- গাড়ীৰ ভিতৰৰ পৰা দিয়া কিবা ইংগিতত মোৰ ওচৰতে ৰৈ থকা ছোৱালী এজনী আগবাঢ়ি গ’ল। ওচৰতে ৰৈ আছিলে যদিও ছোৱালীজনীলৈ তেতিয়াহে মইলক্ষ্য কৰিলো। জিনচ্ আৰু টি-চাৰ্ট পৰিহিতা প্রয়োজনতকৈ বেছি আধুনিকা যেন লগা ছোৱালী জনী গৈ গাড়ীত উঠিল। লগে লগে গাড়ীখনো গুচি গ’ল। মোৰ চকুকেইটাই একেথিৰে গাড়ীখন ভিৰৰ মাজত হেৰাই নোযোৱালৈকে চাই থাকিল পিছ মুহুৰ্ততে নিজৰে লাজ লাগিল। কোনোবাই লক্ষ্য কৰি আছে নেকি সাৱধানে ইফালে-সিফালে চালো। নাই মহানগৰৰ ব্যস্ততাত কোনে কালৈ চাবলে আহৰি আছে।চিটি বাছ এখন আহি ৰলহি। হেণ্ডিমেন ল’ৰাটোৱে খৰধৰকৈ মানুহ কিজন উঠাই গাড়ীত ঢকা মৰাৰ লগে লগে গাড়ীখন চলিবলৈ ধৰিলে। বহিবলে চিট এটা পাই সকাহ পালো। বাছত গৈ থাকোতে অলপ আগতে ষ্টপেজত দেখা ছোৱালীজনীলৈ মনত পৰিল। নিজকে আধুনিকা দেখুৱাবলৈ ইহঁতে কি কি যে নকৰে? বুকুখন কিমান জুঙলুৱা কৰিব পাৰে। কৰঙন কিমান আটিল কৰিব পাৰে তাৰহে যেন প্রতিযোগিতাত নামিছে। কাপোৰ পিন্ধাত এওঁলোক একো একোগৰাকী নিখুঁট শিল্পী। বাটে পথে এই ছোৱালীমখাক দেখিলে তিনিআলিয়ে চাৰিআলিয়ে দোকানৰ আগত আড্ামৰা, গুট্খা খোৱা ল’ৰামখাৰ ধৈৰ্যৰ পৰীক্ষা লোৱা বেন লাগে। অবাঞ্চিত কিবা এটা ঘটি গ’লৈ কাক জগৰীয়া কৰিব? ল’ৰা কেইটাক নে ছোৱালীজনীক? |
কেইদিনমানৰ পাছত ক’লা ৰঙৰ সেই গাড়ীখন পুনৰ দেখিলো। মই খোজকাঢ়ি গৈ থকাৰ ফালে অলপ আগত ৰখাই থোৱা গাড়ীখনৰ কাষত ৰৈ সেয়া ছোৱালীজনীয়ে মানে বোৱাৰীজনীয়ে মোৰ ফালেই চাই থকা নাইনে? মই খোজ কাঢ়ি আহি থকাৰ বাবে ভালদৰে চাব পৰা নাই। তাতে গুৱাহাটীৰ ফুটপাথৰ অৱস্থা। সাৱধান নহলে কেতিয়া ক’ত ৮%৮৯ত৬%5৯৬৬%৬৮৬%৮৮৯৬১১৬৯৬ ৬
-_- "]+%.00]96 ]]]6",
মই থতমত খালো আৰু মানুহগৰাকীৰ ফালে চালো।
-_ হয় মই আপোনাকে কৈছো।
মানুহগৰাকীৰ একেবাৰে মুখামুখি হ’লো। ভালদৰে লক্ষ্য কৰিলো কিন্তু কি আচৰিত তেতিয়াও মোৰ স্মৃতিয়ে ধৰা নিদিলে। চিনি পাওঁ পাওঁ লাগিছেঅথচ পোৱা নাই।
-_ হেই আকাশ,তই মোক চিনি পোৱা নাই? বাঃ ভাল ভাও দিব শিকিলি দেই তই।আগতে হোৱা হলে 32690/১০001' ৰেই হৈ গলি হেতেন।
১>
এইবাৰ মোৰ আৰু আচৰিত হোৱাৰ পাল। ভেবালাগি চাই কি ক’ম কিনকম্ম ভাবি থাকোতেই মুখেৰে এটা শব্দও নোলাল। ঢ্?রূ
---অই আকাশ কি ভাবি আছ নে এতিয়াও ভাও ধৰিয়েই থাকিবি? তাহানিৰ কলেজৰ কৃষ্ণচূড়া জোপাৰ কথাও পাহৰি গলি নেকি?
কৃষ্ণচূড়া... কৃ....ষঃ....চূ....ড়া; তই ....ত...ই তাৰমানে নীলিমা? মা কচম তোৰ যে এনেকুৱা চেহেৰা হ’ব কেনেকৈ জানিম? সেই খৰিকা ডালৰ পৰা যে হাতী
একে উশাহতে যেন সকলো সুধি পেলাম। --ৰ ৰ একেবাৰে ইমানবোৰ প্রশ্ন নকৰিবি চোন? তোক মই কেইবাদিনো ইয়াত দেখিছো। প্রথম দিনা দেখোতে তই হয়নে নহয় মোৰ অলপ সন্দেহ হৈছিল। কিন্তু পাছৰ কিবাৰ দেখোতে মই একেবাৰে নিশ্চিত হলো। যিয়েই নহওঁক তই কিন্তু একেই আছ দেই। এ আকাশ এতিয়া তোক মই আমনি নকৰো। এই ফোন নাম্বাৰটো লিখি ল। এদিন তই আজৰি সময় উলিয়াই আমাৰ ঘৰলৈ আহিবি, বহুত কথা আছে পাতিবলৈ ৷ বিয়াত আহিবলৈকো সময়েই উলিয়াব নোৱাৰিলি এতিয়া দীঘলীয়া নকৰো, বাই! গাড়ীত উঠি নীলিমা খন্তেকতে মহানগৰীৰ ব্যস্ততাৰ মাজত মিলি গ’ল।
কিছু পৰ তেনেকৈয়ে ৰৈ থাকিলো ফুট পাথৰ ওপৰতে। চিনেমাৰ নায়কে অকলশৰে ছবিৰ মাজে মাজে বাট হেৰুৱাই ঘুৰি ফুৰোতে হঠাৎ নায়িকাক লগ পাই গলে মনলৈ অহা যেন লাগিল।
অফিচৰ কাম নথকা দিন এটা চাই বিচাৰি বিচাৰি নীলিমাৰ ঘৰটো উলিয়ালো ৷ অৱশ্যে মই যাম বুলি আগদিনাই ফোন কৰি তাইক জনাই থৈছিলো বিশাল চৌহিদেৰে, এটা সুদৃশ্য ঘৰ। চৌহদটোত সোময়ে মোৰ কিবা সপোন পুৰীত সোমোৱা সোমোৱা যেন লাগিল। চিনেমা বিলাকত দেখা ধুনীয়া ধুনীয়া ঘৰবিলাক দেখাৰ দৰে লাগিল নীলিমালৈ ই্াষাই হ’ল। আগৰ পঢ়ি থকা দিনৰ কথাবোৰ মনলৈ আহি লাজতে মোৰ হাত ভৰি লুকৱা অৱস্থা হ’ল। নীলিমা সঁচাকৈয়ে সৌভাগ্যৱতী দেই। ইমান সুখী জীৱন এটা পাইছে, নেদেখিলে কল্পনাই কৰিব নোৱাৰি।
কলিং বেলটো বজোৱাৰ লগে লগে নীলিমাই দুৱাৰ খুলি দিলে। ভিতৰলৈ সোমাই মোৰ আৰু আচৰিত হোৱাৰ পাল। ইমান এটা বিশাল কোঠা, যিফালে চাও সেইফালেই বিৰাট কাৰুকাৰ্য থচিত বস্তু সজোৱা আছে। কোনোবা নিপুন শিল্পীৰ ষ্টুডিঅ'হে
যেন।মনে মনে ভাবিলো নীলিমাৰ স্বামী চাগৈ বৰ সৌন্দৰ্যপ্ৰিয় মানুহ, লগতে শিল্পীসুলভ মনৰো অধিকাৰী হ’বই লাগিব। নীলিমাৰ আগত প্রকাশ্যে স্বামীৰ প্রশংসাও কৰিবলৈ নাপাহৰিলো ৷‘তোক দেখি মোৰ হিংসাই হৈছেনীলিমা৷ ইমান এখন বিশাল ঘৰৰ অধিকাৰিনী তই, যত অভাৱে কাষ চাপিবলৈকে সংকোচ কৰিব। তই সঁচাই লাকী। অৱশ্যে এটা কথা কিন্তু ঠিক-- ঘৰখনত সোমায়ে মোৰ এনেকুৱা ধাৰণা হৈছে যেন তোৰ ঘৰখন প্রয়োজনতকৈ বেছি গহীন। বাৰু নীলিমা এটা কথা মই বুজা নাই গুৱাহাটীতে ইমানবোৰ ভাল ভাল স্কুল থাকোতে ল’ৰা-ছোৱালী হালক কিয় বাহিৰত ৰাখিব লগা হ’ল। তাতে ঘৰখনৰ পৰা আঁতৰি থাকি পঢ়িব পৰাকৈ ইমান বয়সোতো হোৱা নাই। কিহত পঢ়িছে বুলি কৈছিলি?
-- ল’ৰাটো ক্লাচ ছিক্স, ছোৱালীজনী ফ’ৰ।
---ঘৰতে থাকি পঢ়া হ’লে তোৰো লগ এটা হ’লহেতেন ৷ আমনি নালাগেনে আজৰি সময়খিনিত?
--_-কি কবি আকাশ ? তই কৈছ মই বৰ লাকী; আচলতে মোৰ সমান দুৰ্ভগীয়া বোধকৰো কোনো নোলাব। এইখিনি ক’বলৈকে তোক ঘৰলৈ মাতিলো ৷ চা আকাশ,তই দেখাততো মোৰ অভাৱ একোৱেই নাই।গাড়ী৷ পাইছো, ধুনীয়া ঘৰ পাইছো। লাগ বুলিলেই যিকোনো বস্তু এসোপা মনৰ ইচ্ছা অনুসৰি কিনি আনিব পাৰিছো। কাম বুলিবলৈতো একোৱেই নাই। মাথৌ খোৱা আৰু শুৱা। আমি নাৰীসকলে সাধাৰণতে এইকিনি বস্তুকেই নিবিচাৰো জানো ? এইখিনি পোৱা সকলকেই আমি সুখী বুলি নকওঁ জানো ? কিন্তু আজি মই অনুভৱ কৰিছো সুখ কি, সুখী জীৱন কি? তই দেখাত মোৰ অভাৱ একোৱেই নাই। কিন্তু যিখিনিৰ অভাৱ হৈছে সেইখিনিৰ অভাৱ পূৰোৱাটো বোধকৰো এই জীৱনত সম্ভৱ = নহ’ব। মোৰ আজি মোহভংগ হৈছে। আজি এই মূহুৰ্তত তোক ক’বলৈ মোৰ সংকোচ হোৱা নাই যে--- তোক মই সঁচাকৈ ভাল পাইছিলো, যিটো অপ্ৰকাশ্য হৈয়ে থাকি গ’ল৷ পাছত ধনৰ লোভত, ডাঙৰ চাকৰিয়াল দৰাৰ সন্মুখত মোৰ ভালপোৱা পলাই পত্ৰং দিলে।তাতে ঘৰখনৰ কথাতো আছিলেই ৷
মই কি ক’ম কি নক’ম একো ভাবি নাপালো। কাণ দুখন গৰম গৰম লাগিল। তললৈ মুৰ কৰি তাইৰ কথাবোৰ শুনি গ’লো ৷ হয় আমি কলেজত পঢ়োতে আমাৰ এটা 0100]) আছিল। অৰিন্দম, বিপ্লৱ,তুলিকা,নীলিমা আৰু মই ৷ এই পাঁচজনীয়| প্রেীপটো কলেজৰ দিনকেইটাত কেতিয়াও এৰা এৰি নহৈছিল। লাহে লাহে মই এটা কথা লক্ষ্য কৰিলো মই যেন নীলিমাৰ প্রতি এটা দুৰ্বলতা অনুভৱ কৰিছো। আড্ডাত তাই থকা
>
সময়খিনিত মাক মনটো প্রফুল্ল হৈ থাকে । তাইৰ অনুপস্থিতিত আড্ডাত বহিবলৈকেমন নাযায়।মাজে মাজে কেতিয়াবা তাইৰো মোৰ প্রতি দুৰ্বলতা থকা থকা যেন লাগে।বি্তু ইহঁতকেইটাৰ আগত ধৰা পৰি যোৱাৰ ভয়ত যিমান পাৰি সহজ ভাৱে থাকিবলৈ চেষ্টা কৰো। মোৰ বুকুখনে হাহাকাৰ কৰি উঠে অপ্রকাশৰ বেদনাত কিন্তু নীলিমাক কোৱা যায় কেনেকৈ? আমি যিমানহে অন্তৰংগ হৈ গ’লো তাৰ পাছত আৰু প্ৰেম, ভালপোৱা এইবোৰ একেবাৰে তুচ্ছ কথা৷ বোধকৰো সেই মুহুৰ্তত বন্ধুত্বতকৈ ডাঙৰ আৰু একোৱেই নাছিল। ইতিমধ্যে আমাৰ কলেজ এৰাৰো সময় আহিল। পাছত সকলো নিজৰ নিজৰ পথত ব্যস্ত হৈ পৰিলো। নীলিমা আৰু অৰিন্দম এম. এ. পঢ়িবলৈ গ’ল গুৱাহাটীলৈ। বাকী কেইটাই জীৱিকাৰ সন্ধানত ঘুৰিলো। দুবছৰমানৰ পাছত নীলিমাৰ বিয়াৰ কাৰ্ড এখন পালো। মাজত এখন সৰু চিঠি। তাই লিখিছে--- অনিচ্ছা স্বত্বেও ঘৰৰ তাগিদাত সোনকালে বিয়াত বহিব লগা হ’ল। দৰা অৱশ্যে গুৱাহাটীতেই চিনাকি । ঘৰ তেজপুৰত। এতিয়া গুৱাহাটীতেই 67181]. তোক লগ পাবলৈ বৰ মন গৈছে। নহাকৈ নাথাকিবি। ইয়াত সকলো জানিবি!” মনটো কেনেবা কেনেবা লাগিল। হঠাতেথিয় হৈ থকা মাটিটুকুৰা খহিপানীত পৰা যেন লাগিল। বিয়াত যাবলৈ সাহসেই গোটাব নোৱাৰিলো। নিজকে পৰাজিত পৰাজিত যেন অনুভৱ হ’ল। তাৰ পাছত কৰ্তব্যৰ দায়ত ইমানেই ব্যস্ত হলো যে,নীলিমা, অৰিন্দম আদি আমাৰ পঞ্রৌপৰ কথাবোৰ পাহৰণিৰ গৰ্ভত লীণ হ’ল।
-- হেই আকাশ কি হ’ল? মোৰ কথা শুনি আছনে?
_ অ... অ....... নাই..... নাই একো হোৱা নাই। কিবা এটা মনত পৰি গৈছিল হঠাৎ।শুনি আছো কৈ যা কৈ যা।
-- চা আকাশ, তই সুধিছ মোৰ ল’ৰা-ছোৱালী দুটাক কিয় বাহিৰত ৰাখি পঢ়ুৱাইছো? বাধ্য হৈছে বুজিছ। ঘৰখনৰ পৰিস্থিতিটো বা মোৰ মনৰ ভিতৰখন দেখাৰ ভয়ত সিহঁতক বাহিৰত ৰাখিছো। যাতে কোমল বয়সতে সিহঁতে বাস্তৱৰ ইমান কদৰ্য ৰূপটো দেখা নাপাওক। প্ৰথম অৱস্থাত নতুন জীৱন আৰু স্বামীৰ ভালপোৱাই মোৰ সকলো দিশ পোহৰাই ৰাখিছিল। পিছে সেই পোহৰতে লাহে লাহে আচল সত্য কথাবোৰ পৰিষ্কাৰ হৈ পৰিছিল। মোৰ বুজিবলৈ বাকী নাছিল যে স্বামীৰ বাবে মই কেৱল সজোৱা- পৰোৱা দাম্পত্যৰ এটা উপাদানহে মাত্রৰ। এজনী সৰ্বসাধাৰণ আধুনিক তিৰোতাৰ বাবে বাহ্যিকভাৱে যিখিনিৰ প্ৰয়োজন---ঘৰ, গাড়ী,টকা-পইচা,চাকৰ-নাকৰ- এইখিনি দিলেই এজনী নাৰী সন্তুষ্ট বুলি ভাৱে তেওঁ ৷ কিন্তু এজন স্বামীৰ পৰা নাৰীয়ে কেৱল সেইখিনিয়েই বিচাৰেনে? কেৱল অৰ্থনৈতিক নিৰাপত্তা প্ৰদানতেই দায়িত্ব শেষ হৈ যায়নে ?অকনমান
মৰম আৱদাৰ, অকনমান সাহচৰ্য আৰু অন্তৰংগতা আশা কৰাটো জানো ভুল? কেৱল কংক্ৰীটেৰে চালে চকুৰোৱাকৈ চাৰিবেৰ দিলেই এখন ঘৰ হয় জানো? প্ৰকৃত ঘৰ এখন হ'বলৈ তাত বাস কৰা সকলৰ ব্যক্তিগত সদ্বাটো বজাই ৰাখিও এটা উমৈহতীয়া আত্মীক সত্বা অটুট ৰখাটো জানো অপ্ৰয়োজনীয়? সৰ্বোপৰি লাহেলাহে মোৰ স্বামীৰ চৰিত্ৰৰ ওপৰতো সন্দেহ হ'বলৈ ধৰিছে। হয়তো চাকৰিৰ পদোন্নতিৰ আশাত নিজৰ সুন্দৰী পত্নীকো ‘বছ'ৰ ওচৰত প্রদর্শন কৰাত পাছ নুহুহকিব। এই মানুহজনৰ সৈতে বিয়াত বহি মই বিৰাট ভুল কৰিলো সেই সময়ত মই হৃদয়ৰ তাগিদাতকৈ ধনৰ তাগিদাক বেছি গুৰুত্ব দিলো। কিন্তু এতিয়া মই ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছো। পৰিত্ৰাণৰ উপায় তয়ে মোক দিব লাগিব আকাশ।ক পাৰিবিনে? আকাশ ক?নীলিমা হোক-হোকাই কান্দি উঠিল। ময়ো কি ক’ম ভাবি নাপালো? কিছু পৰ তেনেদৰেই থকাৰ পাছত নীলিমাক একো নোকোৱাকৈয়ে ওলাই আহিলো।
ৰাতি হোটেলৰ বিচনাত বাগৰ দি কথাবোৰ ভাবিলো৷ ইমানদিনে পাহৰি থকা কথাবোৰে মনত পুনৰ দোলা দিলে। নীলিমালৈ এখন চিঠিকে লিখিলো ।
মম ময়ো তোক সঁচাকৈয়ে ভাল পাইছিলো। কিন্তু তোক আজুৰি আনি কোনোদিনেইদখল কৰিব খোজা নাছিলো ৷ মই বিশ্বাস কৰো কাষত থকা মানুহক স্বাধীনতা দিলেহে এজন স্বাধীন মনৰ মানুহক পোৱাটো সম্ভৱ। কাৰণ মই নিজেও স্বাধীন হৈ থাকিব খোজো। পাৰিলে স্বাধীন হৈ থাকিবলৈ চেষ্টা কৰিবি। স্বাধীন মানুহহে প্রকৃততে মানুহ। সেই মানুহ কোনো দিনেই টনা-আজোৰা কৰি অথবা দখল কৰি লোৱাকৈ পন্য হ'ব নোৱাৰে।
ন তোক পৰিত্ৰাণৰ উপায় দিবলৈ হয়তো মই এতিয়াও পৈনত হৈ উঠা নাই।সি ধনেৰেই হওঁক বা মনেৰেই হওঁক। তথাপি কওঁ -- সকলোৰে সংসাৰ নিজস্ব পৰিধিৰ মাজত একক আৰু স্বতন্ত্ৰ। আনৰ হস্তক্ষেপ তাত অবাঞ্চিত। নদীক যেতিয়া বান্ধিবই খুজিছ-- তেনেহলে মথাউৰিটো সবলকৈ বান্ধিবি। আঠুৱা চাই ঠেং মেলিলে মহলৈ ভয় কৰাৰ প্রয়োজন নাই।
তইমসুখীহ’।
-=-আকাশ।2১৯
৯>
শিশু শিক্ষাত মাতৃৰ ভূমিকা
9 শ্ৰীমতী টুটুমনি শৰ্মা বেজবৰন্বা ৷
এটি শিশু জন্ম দিলেই এগৰাকী মাতৃৰ দায়িত্বৰ অন্ত নপৰে। লালন-পালন কৰাৰ লগতে প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি তুলিবও লাগিব। মাতৃ হোৱাটো গৌৰৱৰ কথা| যদিও বৰ্তমান সময়ত মাতৃ হোৱাটো যেন বৰ সমস্যা হৈ পৰিছে। হলেও উপযুক্ত কৰি গঢ়ি তুলিবই লাগিব। মাকৰ যেন দায়িত্বৰ অস্ত নাই। মাতৃ গৰাকীক লাগে সকলো বিষয়ৰ জ্ঞান, কিন্তু ই জানো সম্ভৱ? অৱশ্যে বৰ্তমান সময়ত শিক্ষাৰ বহল বিভিন্ন প্ৰচাৰ মাধ্যম সমূহে এই খিনিতে মাতৃ সকলক বহুত সকাহ প্রদান কৰিছে। নিচুকনী গীত, ওমলাগীত, শিশুগীত আৰু সাধু কথা সমূহটো শিশু সকলৰ কাৰণেই । |
জন্মৰ পাছৰ পৰাই এটি শিশু আনুষ্ঠানিক শিক্ষালৈ যোৱাৰ সময়লৈকে মাতৃ গৰাকীৰ লগতে বেছি সময় থাকে। গতিকে আৰম্ভনিৰ শিক্ষা খিনি মাকৰ পৰাই লয়| গতিকে সেই শিক্ষা সমূহ নিখুঁত হোৱাটো প্রয়োজনীয় ৷ মাকৰ মুখৰ পৰা প্রথমে শিশুৱে ভাষাৰ শিক্ষা পায়। মাকৰ মুখৰ পৰ| শিকা ভাষাই হয়গৈ শিশুটিৰ মাতৃভাষা সেয়ে এই ভাষা-জ্ঞান দিয়াৰ ক্ষেত্ৰত অধিক সচেতন হ’ব লাগিব। ভাষাৰ উচ্ছাৰণ হ'ব লাগিব শুদ্ধ প্রথমে শিশুটিয়ে শুনিব পাছত ক্ৰমান্বয়ে কবলৈ আৰম্ভ কৰিব আৰু সেই শব্দৰে গঠন কৰিবলৈ শিকিব। গতিকে এই খিনিতে অধিক গুৰুত্ব দিয়াটো প্রত্যেজনেই ৰাখিব লাগিব সৰুতেই বি ভাজ দিয়া হয় সেই ভাজেই স্থায়ী হর। শাৰীৰিক বিকাশৰ লগে মানশিক বিকাশৰো পৰিবৰ্তন ঘটে ৷ সিহঁতৰ ঠুনুকা মনে যাতে আঘাত নাপায় প্রতি নজৰ দিব লাগে৷ প্রায়েই দেখা যায় নাখাবি, নুচুবি, নাযাবি, নানিবি ইত্যাদি বা শিশুৱে মানি লবলৈ টান পায়। সেয়ে সেইবোৰৰ অপকাৰিতা সমূহ অনুভৱ কৰাবলৈ কৰিব লাগে। লগত ৰাখিয়েই কামবোৰ কৰাবলৈ যত্ন কৰিব লাগে। অৱশ্যে সময়ে এৰি দিও চাব লাগে। তেতিয়াহে গম পোৱা যাব কিহৰ প্ৰতি সিহঁতৰ আগ্ৰহ বেছি সেই অনুযায়ী শিক্ষা প্রদান কৰিবলৈ সুবিধা হয়। মৰমেৰে, চলেৰে, কৌশলেৰে সময় বিশেষে বলেৰেও সৈমান কৰাবলৈ যত্ন কৰিব লাগে।
এই খিনিতে উল্লেখ কৰিব লাগিব যে এটি শিশু গঢ়ি তে তোলাৰ ক্ষেত্রত মত এগৰাকীয়ে অকলে বলে নোৱাৰে! হয়তো সময়, জ্ঞান আৰু বহু কিবাৰ অভাৱ হ’বং পাৰে। গতিকে পিতৃৰ লগতে পৰিয়ালৰ সদস্য সকলে এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰ মাতৃ গৰাকীক সহায়ৰ হাত আগবঢ়াব লাগে৷ মনত ৰাখিব লাগিব এই শিশুটিয়েই ঘৰৰ, এদিন সমাজৰ আৰু এদিন দেশৰ ধৰণী হৈ ববগৈ 223
>>
প্ৰকৃতিৰ সৃষ্টি তুমি
প্রকৃতিৰ মহিমাময়ী ৰূপেৰ ভৰপুৰ এই শংকৰদেৱ শিশু নিকেতন।
কেনে অপৰূপা তুমি,
যেন নিৰৱ নিতুল এটি বাস্তৱ কবিতা আৰু সজ্জীৱতাৰে পূৰ্ণ
শৰতৰ নিয়ৰ সিক্ত
পুৱতিৰ ফেঁহুজালি। বাহিৰত ৰিব্ ৰিব্ মলয়াৰ বাংকিত সুৰৰ কলধ্বনি
নিগৰি আহিছে নানা পখীৰ
কল্ কল্ সুৰৰ লহৰে
সুদূৰ দিগস্তৰ সীমনা ভেদি
নিৰৱৰ্তাৰ কল্লোল ভাঙিছে।
এজাক চেঁচা বতাহে মিতিৰালি পাতিছে। গোলাপৰ ৰঙা বগা পাপৰিৰ সৈতে, কৃষ্ণচূড়াৰ পাহি সুৰুঙাই দি
ৰ'দালিৰ ফাকুগুৰি চটিয়াই
কণ কণ শিশুৰ থুনুক-থানাক মাতেৰে নিকেতনৰ চৌহদত সুৱগা চৰাইছে যেন শিক্ষাৰ পৰিস্ফুত ৰূপৰ প্ৰতিমূৰ্ত্তি
%& শ্ৰীমতী কুঞ্জলতা দত্ত, আচাৰ্যা শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা।
৯>_
/&* জী বুদ্ধ কৌৱৰ অষ্টম শ্ৰেণী, শঃ শিঃ নিঃ।
নট
গছ হ’ল প্রকৃতিৰ বিনন্দী স্বৰূপ
গছে দিয়ে ধৰণীক সেউজী ৰূপ গছে আমাক দিয়ে নিৰ্মূল শ্বাস
গতিকে তুমি কৰা গছ ৰুৱা প্রয়াস | এজোপা কাটিলে দহ জোপাৰুবা ৷
তেনে কৰিলে পৃথিৱী হ’ব সেউজীয়া | গছৰ পৰা পাওঁ মিঠা মিঠা ফল
সেইবোৰ খায় কৰো দেহ সবল শাক পাচলিৰ পৰা পাওঁ বিভিন্ন ভিটামিন
আৰু পাওঁ লগতে শৰ্কৰা প্রটিন এই দৰে গছে কৰে বহু উপকাৰ
সেই বাবে গছ ৰোৱা সকলোৰে দৰকাৰ যদিহে পৃথিৱী হয় গছ বিহীন
তেনেহলে পৃথিৱী হ’ব মৰুভূমিত বিলীন সকলোৱে এক হৈ গছ ৰূপন কৰো আঁহা , ||
ধ্বসংমুখী পৃথিৱীক বচাও আহা।। ।
মোৰ ভাল লগাবোৰ
3 শ্ৰীমতী তড়িৎ ৰেখা শইকীয়া, ষষ্ঠ শ্ৰেণী শংকৰদেৱ শিশু নিকেতন,ঘিলামৰা।
প্রথমেই ভালপালো মই মোৰ মবমৰ মাক যাৰ পৰাই পুৱাই পাওঁ মৰমৰ মাত হাঁহি থকা মুখেৰে মোৰ বাবে
কত যে খাদ্য ৰান্ধে তেওঁ বাৰে বাৰে। দ্বিতীয়তে ভাল পালো মোৰ নিকেতনক
য’ত মই বিচাৰি পালো শিক্ষাৰ জগতখনক আচাৰ্য আচাৰ্যাসকলে খং আৰু ধেমালিৰে নিতৌ পঢ়ায় পাঠ অতি যতনেৰে।
আৰু মই ভাল পালো মোৰ দেশখনক
যাৰ মাটিৰ ফচলবোৰ মোৰ আহাৰ
সেই মোৰ মাতৃভূমি প্ৰণামো তোমাক '
দিয়া শান্তিৰ পৰশ এবাৰ আমাক।
এয়ে মোৰ ভালপোৱা মনে বিচৰা। তথাপিও আৰু আছে ৰংমন, সঁকুৰা,........ সাধুকথাৰ কিতাপবোৰ বেলেগে ভাল লাগে _ ভাল লগাবোৰ মোৰ আছে এনেকৈয়ে ভাগে ভাগে ।০০
এইখন আমাৰ পৃথিৱী
কি যে ধুনীয়া,
সেউজীয়া গছ-গছনীয়ে ভৰা থাকি যে কি ভাল লাগে। কি এক শান্তিৰ পৰিৱেশ, মৰিলেও যেন এই পৃথিৱীতে পুনৰ জনম পাওঁ।
এই পৃথিৱীৰ দৃশ্যৰাজি ইমান যে ভাল-জস্তবোৰে আপোনমনেৰে খেলে ইটোৱে সিটোক খায়। সিটোৱে আকৌ আনটোক চলি থাকে এনেকৈয়ে
সমগ্ৰ জীৱকুল,
কি যে এক বিচিত্ৰ শৃংখল।2০
২ শ্ৰী উৎপল শইকীয়া, অষ্টম শ্ৰেণী শংকৰদেন্ব শিশু নিকেতন, ঘিলামৰা।
ভোগালী বিহু
২ শ্ৰী ভৰদ্বাজ হাজৰিকা, চতুৰ্থ শ্ৰেণী '_ শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা। আহিল আহিল আকৌ আহিল ভোগৰ ভোগালী বিহু, চিৰা খাওঁ পিঠা খাওঁ আৰু খাওঁ লাড়ু। উৰুকাৰ ৰাতি সকলোৱে মিলি ভোজ ভাত খাওঁ, পুৱাই উঠি গা-পা ধুই: বৰ মেজি জ্বলাও। তিল পিঠা বৰপিঠা আৰু মাহ কৰাই, অগ্নিদেৱতাক প্রণাম কৰি খাওঁ পেট ভৰাই ৷200
অহংকাৰ
0 শ্ৰী মনজিৎ গগৈ,
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা।
চকুৰে নমনা ক্ষুদ্ৰ ধূলিকণা বতাহত উৰি-উৰি
ফুলৰ পাহিত, ওখ বিৰিখত পৰে দশো দিশ জুৰি।
খৰালি দিনত যেনিয়ে চোৱা তেনিয়ে ধূলিৰে ভৰা। গছলতা তৃণ
ঘৰ-বাৰি ধূলিৰে উপচি পৰা। সৰু বৰ কাকো নামানে সমূলি নকৰে একোকে ভয় ৰজা-মহাৰজা সাধু-মহন্তৰো শিৰৰ ভূষণ হয়।
হঠাৎ এদিন বৰষুণ পৰি গছলতা নিকা হ’ল
গফত ওফন্দা ধুলি কণাবোৰৰ চিনচাব মৰি গ’ল।
জন্ম,মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায় পিতৃ, মাতৃ, যৌৱন। তিনিটা বস্তু ওলাই গলে ঘুৰি নাহে শৰ, প্রাণবায়ু আৰু মুখৰ কথা। তিনিজনক সদায় সন্মান কৰিব লাগে পিতৃ,মাতৃ আৰু গুৰু। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে অহংকাৰ, কু-চৰিত্ৰ আৰু আলস্য ৷।৩০৩
ইণ্ডিয়ান ল্ৰিমিয়াৰ লিগ প্ৰতিযোগিতা
])];}' []}’]; ]0013], [>[" 21763" [,/০9.210.6 ক্ৰিকেটৰ এক মহাযুদ্ধ । এইখেলত ভাগ লব আঠটা দলে।
এ৷ শ্ৰী নিৰুপম চাংমাই, চতুৰ্থ শ্ৰেণী, শংকৰৱে শিশু নিকেতন, ঘিলামৰা /
১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে পৰিচালনা সমিতিৰ
সভাপতি-সম্পাদকৰ তালিকা £-_ == সসন্মানে
১৷ সভাপতি শ্ৰীযুত বিপিন বৰুৱা সম্পাদক শ্ৰীযুত বাবুলাল আগৰৱালা । ২৷ সভাপতি খ্ৰীযুত তীৰ্থ নাথ বৰন্বা সম্পাদক খ্ৰীযুত কিৰণ চন্দ্ৰ গগৈ ৩। সভাপতি শ্ৰীযুত বদন চন্দ্ৰ ফুকন। ভাৰ প্রাপ্ত সভাপতি খ্ৰীযুত বুদ্ধেশ্বৰ চেতিয়া সম্পাদক শ্ৰীযুত বিষ্ণুপ্ৰসাদ গগৈ কৌষাধ্যক্ষ শ্ৰীযুত আনন্দ ভৰালী
৪। সভাপতি শ্ৰীযুত তীৰ্থনাথ বৰুৱা উপ-সভাপতি শ্ৰীযুত হোমেন বুঢ়াগোহীই খ্ৰীযুত বিষ্ণুপ্ৰসাদ গগৈ
সম্পাদক শ্ৰীযুত হিৰণ্য হাজৰিকা যুটীয়া সহঃ সম্পাদক খ্ৰীযুত মৃদুল ফুকন। শ্ৰীযুত ক্ষীৰোদ নব্য শইকীয়া
কোষাধ্যক্ষ শ্ৰীযুত দীপেন হাজৰিকা সাংগঠনিক সম্পাদক শ্ৰীযুত গোবিন চুতীয়া সদস্য/সদস্য শ্ৰীযুত লীলা শইকীয়া শ্ৰীযুত ৰঞ্জিত দাস
শ্ৰীযুত ৰমেশ পেটেল
খ্ৰীযুক্তা অন্নদা বৰা খ্ৰীযুক্তা নিজৰা সোণোৱাল
খ্ৰীযুক্তা ৰীতা সোণোৱাল
হিচাপ পৰীক্ষক ড‘ কেশৱ হাজৰিকা শ্ৰীযুত কিৰণ গগৈ
আচাৰ্বপ্রতিনিধি শ্ৰীযুত ৰামকৃষ্ণ বৰুৱা৷
২০১০ বৰ্ষত একেখন পৰিচালনা কমিটি বাহাল থাকিল ।৫2৫০
‘আচাৰ্য ভাৰতী’ সমিতি/২০১০
ৰ পৰীক্ষা প্রমুখ £ আ্ী ৰামকৃষ্ণ বৰুৱা, শ্ৰী দেৱজিৎ হাজৰিকা ৰ বন্দনা ও সংগীত প্ৰমুখ $ আ্ৰী ললিত হাজৰিকা, শ্ৰী বিজু কলিতা ৰু বৌদ্ধিক প্রমুখ £ আজ উজ্জ্বল গগৈ, শ্ৰীমতী ভনিতা গগৈ + স্বচ্চতা প্ৰমূখ £ আ্ৰী নৱজ্যোতি গগৈ, শ্ৰী হীৰা সেনাপতি খ্ৰী পিংকী ফুকন
ৰ খেল ও শাৰীৰিক প্ৰমুখ £ আী হেমন্ত চুব্বা, শ্ৰী জ্যোৎস্না সূত।
ৰ পুথিভঁৰাল প্রমুখ £ জী হেমন্তচুব্বা,জ্ৰী কুঞ্জলতা দত্ত
ৰ++ জল প্রমুখ £ আ্ৰীদিপক শইকীয়া, শ্ৰীমতী মঞ্জুমণি বৰুৱা
-_ খ্ৰী হীৰা সেনাপতি
-- জ্ৰীবিজু কলিতা
--_ শ্ৰী মঞ্জু বৰুৱা
-=_ জ্ৰীপিংকী ফুকন
-- শ্ৰী উজ্জ্বল গগৈ
-_ শ্ৰী দেৱজিৎ হাজৰিকা
-_ আী ৰামকৃষ্ণ বৰুৱা
-=_ জী উজ্জ্বল গগৈ
-= জ্ৰী ললিত হাজৰিকা
-_ জী ভনিতা গগৈ
-_ জৰী পিংকী ফুকন
ৰ উৎসৱ প্ৰমুখ ৫ খ্ৰীমতী কুঞ্জলতা দত্ত খ্ৰী হেমন্ত চুব্বা
+ নিকেতনৰ চৌহদ তত্বাৱধায়ক $ জী দিপক শইকীয়া
খ্ৰী ৰামকৃষ্ণ বৰনাা020
${ ই ৰ তই
“শিশু ভাৰতী’ সমিতি/২০১০
== শংকৰদেৰ শিশু নিকেতন, শিলামৰ ===
£ জ্ৰীপ্রাণজ্যোতি গগৈ
$_ আীমতী টুলুমনি বৰগোহীই।
£ খ্ৰী নেপুৰ ৰঞ্জন হাজৰিকা।
£ জীমতী জ্যোতিষণ্াা হাজৰিকা।
$ খ্ৰীমতী চুমী শইকীয়া, জ্ৰীমতী ডিম্পল শইকীয়া
খ্ৰীড্বিল হাজৰিকা, শ্ৰী ভৰদ্বাজ হাজৰিকা।
ঃ জ্ীবুদ্ধ কৌৱৰ, জৰী নিৰুপম চাংমাই
শ্ৰীমতী দেৱক্ষী শইকীয়া
ঃ আৰীিব্যজ্যোতি ফুকন, শ্ৰীমতী পূবাশ্ৰী শইকীয়া
জ্ৰীমতী ৰাজশ্ৰী গগৈ, শ্ৰীমান নৱদ্বীপ ভৰালী
£ জী দেৱাশীষ বুঢ়াগোহীই
শ্ৰীমতী চয়নিকা শইকীয়া শ্ৰীমতী তড়িৎতৰেখা শইকীয়া
£ জীমতী পাপৰি কৌৱৰ, খ্ৰী প্ৰাঞ্জল শইকীয়া
খ্ৰী অমৰজ্যোতি বুঢ়াগোহীই
£ খ্ৰী উদিপ্ত বৰগোহীই, খ্ৰী মুন বৰুৱা
শ্ৰী অভিজিৎ দাস
£ আজ্ৰীমতী ডিম্পী দিহিঙ্গীয়া, শ্ৰী দিপাংকৰ শইকীয়া
খ্ৰী ভবেন্দ্ৰ শইকীয়া
£ জী বিশ্বজিৎ বৰুৱা, শ্ৰীমতী বনফ্লী বৰুৱা
শ্ৰীমতী টুলুমনি চমুৱা
ঃ জৰী কুশল চুতীয়া, শ্ৰীমতী বাস্মাৰাণী শইকীয়া
শ্ৰী মনজিত গগৈ, শ্ৰীমতী ৰিকুশ্ৰী চেতিয়া 00
প্ৰধান আচাৰ্যৰ তালিকা ;---
শ্ৰীযুত সুধন্য বৰগোহীই (প্রাক্তন) শ্ৰীযুত গোবিন চুতীয়া (বৰ্তমানৰ)
প্রাক্তন আচাৰ্যৰ তালিকা ঃ-_ খ্ৰীযুত উত্তম হাজৰিকা খ্ৰীয়ুত অতুল বৰুৱা “সুধিৰাম শইকীয়া *উমেশ বৰন্বা শ্ৰীযুত টংকেশ্বৰ বৰুৱা শ্ৰীযুত লক্ষীপ্ৰসাদ বৰন্বা শ্ৰীযুত টংকেশ্বৰ গোহাঁই
প্রাক্তন আচাৰ্যাৰ তালিকা £-- খ্ৰীযুক্তা বেবী চিৰিং শ্ৰীযুক্তা ডেনী বৰুৱা খ্ৰীযুক্ত৷ দীপামণি দিহিঙ্গীয়া শ্ৰীযুক্তা ময়ুৰী গগৈ
ওন)া্িাং ল্ল-লৌখ। নম শ্ৰ৷যুক্তা ৰুণামালা চুতায়!
আশাৰ সপোন
£ জ্ৰীমতী জিষ্ণুপ্ৰিয়া (ৰাজভ্ৰী) বৰুৱা প্রাক্তন ছাত্ৰী।
জোনাক ভৰা নিৰ্জনতাত তাই অতীতৰ পাণ্ডুলিপি মনত পেলাবলৈ চেষ্টা কৰিছিল। তেনেতে ‘মালবিকা অ’ মালবিকা। ক'ত আছানো তুমি শুবলৈ আহা আকৌ ৷” মামীয়েকৰ মাত শুনি তাই ভিতৰলৈ উঠি গ’ল।
বিচনাত পৰি তাই পুনৰ অতীতলৈ ঘুৰি গ’ল। মাক দেউতাকৰ তাই একমাত্ৰ সন্তান আছিল।বহু সপোন দেখিছিল তাই ৷ হঠাতে জানো কি হৈ গ'ল। সিহঁতৰ ঘৰখনলৈ যেন ধুমুহা নামি আহিছিল। তাই জানিছিল যে দুখৰ মাজেদিহে সুখ আহে ৷ এনেকুৱা দুখো তাইৰ জীৱনলৈ আহিব বুলি সপোনতো ভবা নাছিল মালবিকাই ৷ তাইৰ ১১ বছৰ বয়সৰ পৰাই দেউতাকে মদ আৰু জুৱাৰ সংগ ললে। প্ৰতিদিনেই মদ খাই আহি ঘৰত হুলস্থুল কৰে।মাকে সকলো সহ্য কৰি ঘৰখন ধৰি ৰখাৰ যত্ন কৰিছিল। মদ জুৱাৰ লগত দেউতাকে নিজৰ দৰমহাৰ টকা শেষ কৰিছিল। আনকি এজন আদবয়সীয়া মানুহৰ পৰা প্রায়ে টকা ধাৰলৈ লৈছিল। এদিন আদবয়সীয়া মানুহজনে দেউতাকৰ পৰা টকা বিচাৰিলে । দেউতাকে টকা আদায় দিব নোৱাৰি ১৩ বছৰীয়া মালবিকাক বুঢ়াজনলৈ বিয়া দিবলৈঠিক কৰিছিল। কিন্তু ভাগ্যক্ৰমে মালবিকাৰ মোমায়েকে গম পাই তাইক নিজৰ লগত লৈ যায়। ৃ কিন্তু দেউতাকে তাতো ক্ষান্ত নাথাকি মাকক আদবয়সীয়া মানুহজনৰ ওচৰত, বেছি দিয়ে। মানুহজনৰ ধৰ্যণৰ বলি হৈছিল মাক ৷ শেষত মাকে আত্মহত্যাৰ পথ বাছি" ললে। তেতিয়াই মালবিকাই প্রতিজ্ঞা কৰিছিল যে এদিন তাই মাকৰ মৃত্যুৰ প্রতিশোধ লবই।
বৰ্তমান মানুহে মালবিকাক আই. চি. এচ. প্ৰিয়াজ্ৰী কাশ্যপ বুলি জানে৷ তাই এতিয়া আন হাজাৰ জনী ছোৱালীৰ বাবে কাম কৰে। নিজৰ কৰ্মখিনি কৰাৰ পিছত আনখিনি সময় প্ৰিয়াজীয়ে নিজে খোলা “আশা সপোন” নামৰ সংস্থাটোৰ লগত ব্যস্ত
>
থাকে। তাত ছোৱালীবোৰক আত্মৰক্ষাৰ কাৰণে কিছুমান কৌশল শিকোৱাৰ লগতে বস্সিংৰো প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ জৰিয়তে ছোৱালীবোৰে সমাজত নিজয়ে চিনাকি দিয়াৰ উপৰিও আত্মৰক্ষা কৰিব পাৰে। তাৰোপৰি তাত ছোৱালীবোৰ চিনাকি দল নই কৰা, কাপোৰ বোৱা, খোৱা বস্তু বনোৱা, কাপোৰত বিজি ডিজাইন দিয়া কাম শিকোৱা হয়।
সকলো কামৰ লগত প্ৰিয়াম্ীয়ে নিজৰ সংসাৰৰ কথাও ভাবিছে। গুৱাহটী উচ্চ ন্যায়ালয়ত কাম কৰা সুদৰ্শন যুৱক উকিল সৌৰভ গগৈৰ লগত তাইৰ বিয়া ঠিক
হৈছে। মামাক-মামীয়েকৰপ্ৰতি শ্ৰদ্ধাততাইৰ শিৰ নত লৈ গ’ল ৷ তেওঁলোকেই অইক
এটা নতুন জীৱন-যাপন কৰিবলৈ প্রেৰণা দিলে। এইবোৰকে ভাবি এটা নতুন সুন্দৰ জীৱনৰ কল্পনা কৰি নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিল পৰিয়ালৰ
বৰ্তমান সেৱা আগবঢ়াই থকা আচাৰ্যআচাৰ্থৰ আৰু চতুৰ্থ
১। ২। ৩। ৪| ৫। ঙ। ৭| ৮| ৯। ১০। ১১। ১২। ১৩। ১৪। ১৫! ১৬।
খ্ৰী গোবিন চুতীয়া (প্ৰধান আচাৰ্য) খ্ৰীমতী কুঞ্জলতা দত্ত (উপ-প্রধান আচাৰ্যা) শ্ৰীমতী মঞ্জুমণি বৰুৱা
খ্ৰী ৰামকৃষ্ণ বৰন্বা
খ্ৰী দিপক শইকীয়া
শ্ৰী নৱজ্যোতি গগৈ
খ্ৰী হেমন্তচুব্বা
শ্ৰী হীৰা সেনাপতি
শ্ৰী উজ্জ্বল গগৈ
শ্ৰী ললিত হাজৰিকা
শ্ৰী দেৱজিৎ হাজৰিকা
শ্ৰীমতী ভনিতা গগৈ
শ্ৰীমতী জ্যোৎস্না সূত
শ্ৰীমতী পিংকী ফুকন
শ্ৰীমতী বিজুমণি কলিতা
শ্ৰী কণ কৌছ (আয়া)
অন্ধবিশ্বাসৰ কৰলত পৰা ল’ৰাটো
/, খ্ৰী নেপুৰ ৰঞ্জন হাজৰিকা, ষষ্ঠ শ্ৰেণী শংকৰৱে শিশু নিকেতন, ঘিলামৰা।
আমি বহুতেই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ চালো। বিজ্ঞানৰ প্রভাৱত ইয়াৰ কিছু কিছু নোহোৱা হৈছে যদিও অন্ধবিশ্বাসে আমাৰ পিছ এৰা নাই৷ অন্ধ বিশ্বাসৰ বলি হোৱা এটা ল’ৰা কাহিনীকে আইম শুনোছোন।
ল’ৰাটোৰ নাম বিমল। সি ভূতক বহু বিশ্বাস কৰিছিল। সকলোতে সি কেৱল ভূতকেই দেখিছিল। প্রতিটো সময়তেই সি চিঞৰি থকাৰ বাবে তাৰ মাক-দেউতাক মহা বিপদত পৰিছিল। এদিন সি বাৰাণ্ডাত বহি থাকোতে এটা মৃড়িয়ে নিজেই বাগৰিবলৈ ধৰাত সি চিঞৰি উঠিল। পাছত মৃড়িটো ডাঙি দিয়াত দেখা পালে যে তাৰ তলত এটা পৰুৱা। এই ঘটনাৰ পাছতো বিমলে ভূতক অবিশ্বাস কৰিবলৈ টান পালে।
আন এদিন এখন ৰিক্সাত সি দেউতাকৰ সৈতে গৈছিল। হঠাৎ সি চিঞৰি উঠিল। সে দেউতাকক ক’লে যে তাৰ হাতত ভূতে লম্ভিছে। এই ঘটনাৰ বিচাৰকৰিবলৈ দেউতাকে হাতত ল’লে। বিচাৰৰ অন্তত গম পালে যে ৰিক্সাখনত সেইদিনা এঠাৰে কিছু কাপোৰ লগাই দিছিল। কিয়নো ৰিক্সাখনৰ আগৰ কাপোৰবোৰ ফাঁটি গৈছিল। বিমলহঁতে যোৱাৰ সময়তো এঠা শুকুৱা ন'ছিল। তাৰে অলপ এঠা বিমলৰ হাতত লগাত সি ভূত বুলি চিঞঁৰিছিল। সেইদিনাৰ সৰা সি বৃতক বিশ্বাস নকৰা হ’ল। সি বুজি পালে যে “মানুহৰ মনৰ ভয়েই ভৃত।”
(২০০১) (২০০১) (২০০১) (২০০১) (২০০২) (২০০৪) (২০০৫) (২০০৫) (২০০৬) (২০০৬) (২০০৭) (২০০৭) (২০০৭) (২০০৭) (২০০৮) (২০০৮) (২০০৮) (২০০৮) (২০০৮) (২০০৮) (২০০৮) (২০০৯) (২০০৯)